এইবাৰ নিজেই সংকটত সংকটমোচক হনুমান! অবৈধ ভূমি বেদখলৰ অভিযোগ তুলি স্বয়ং বজৰংগবলীলৈ জাননী ৰে’ল বিভাগৰ…

নিউজ ডেস্কঃ সংকটমোচক হনুমানলৈকে এইবাৰ নামিছে সংকট।

অবৈধ ভূমি বেদখলৰ অভিযোগত এইবাৰ স্বয়ং হনুমানলৈ জাননী জাৰি কৰিলে ভাৰতীয় ৰে’লৱেয়ে।

সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ধনবাদত।

জানিব পৰা মতে, ধনবাদৰ পশ্চিম বান্ধ অঞ্চলত ৰেলপথৰ কাষতে অৱস্থিত এটা হনুমান মন্দিৰলৈ জাননী জাৰি কৰা হৈছে ৰে’ল বিভাগৰ তৰফৰ পৰা।

image 104
এইবাৰ নিজেই সংকটত সংকটমোচক হনুমান! অবৈধ ভূমি বেদখলৰ অভিযোগ তুলি স্বয়ং বজৰংগবলীলৈ জাননী ৰে’ল বিভাগৰ… 4

ৰামভক্ত হনুমানৰ নাম উল্লেখ থকা জাননীখনত অবৈধভাৱে ভূমি বেদখলৰ অভিযোগ উত্থাপন কৰা হৈছে।

আনহাতে ১০ দিনৰ ভিতৰত মন্দিৰৰ ঠাইখিনি খালী নকৰিলে বজৰংগবলীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে জাননীখনত।

কেৱল মন্দিৰৰ বজৰংগবলীকেই নহয়, ইয়াৰ কাষতে থকা হাটিক বস্তি অঞ্চলৰ বাসিন্দা সকলকো ঘৰ-মাটি খালী কৰাৰ বাবে জাননী দিয়াৰ লগতে খালী কৰাৰ পিছত ৰে’ল শাখাৰ অভিযন্তাক অৱগত কৰিবলৈ কোৱা হৈছে।

image 105
এইবাৰ নিজেই সংকটত সংকটমোচক হনুমান! অবৈধ ভূমি বেদখলৰ অভিযোগ তুলি স্বয়ং বজৰংগবলীলৈ জাননী ৰে’ল বিভাগৰ… 5

ৰে’ল বিভাগৰ এই জাননীৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

স্থানীয় বাসিন্দাসকলে দাবী কৰে যে তেওঁলোকে স্বাধীনতাৰ পূর্বৰে পৰা সেই অঞ্চলত বসবাস কৰি আহিছে৷

কোনোৱে ফল-মূল, মাছ, শাক-পাচলি বিক্ৰী কৰে, কোনোবাই সৰু সৰু কাম চলায়।

image 106
এইবাৰ নিজেই সংকটত সংকটমোচক হনুমান! অবৈধ ভূমি বেদখলৰ অভিযোগ তুলি স্বয়ং বজৰংগবলীলৈ জাননী ৰে’ল বিভাগৰ… 6

স্থানীয় বাসিন্দা সকলৰ প্ৰশ্ন- যদি ৰেলৱেৰ জাননী মানি তেওঁলোকে সেই ঠাই খালী কৰে, তেন্তে তাৰ পিছত যাব ক’লৈ?

সেয়েহে ৰে’লৱেৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় বাসিন্দাসকল।

সমান্তৰালভাৱে খোদ ভগৱানলৈ জাননী প্ৰেৰণ কৰাক লৈও আশ্বৰ্য প্ৰকাশ কৰিছে অনেকে।