‘দুখীয়াৰ ভগৱান’ৰ ২০ কোটি টকাৰ কৰ ফাঁকি!

নিউজ ডেস্ক। সম্পূৰ্ণ তিনিদিন ধৰি অভিনেতা চনু সুদৰ ঘৰ আৰু কাৰ্যালয়ত ধাৰাবাহিক অভিযান চলোৱাৰ পিছত শনিবাৰে এক বিবৃতি জাৰি কৰিছে আয়কৰ বিভাগে।

কোৰোনা কালত ‘দুখীয়াৰ ভগৱান’ হৈ উঠা অভিনেতাজনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ আনিছে আয়কৰ বিভাগে।

বিবৃতিত কোৱা হৈছে যে, প্ৰায় ২০ কোটি টকাৰ কৰ ফাঁকি দিছে চনু সুদে। কৰ ফাঁকি দিয়াৰ অভিযোগত নাম জড়িত হৈ পৰিছে চনুৰ সহকৰ্মীৰো।

আয়কৰ বিভাগৰ দাবী, চনু সুদৰ এনজিঅ’ই বিদেশৰ পৰা প্ৰায় ২.১ কোটি টকা অনুদান হিচাপে সংগ্ৰহ কৰিছে।

বিভিন্ন ক্রাউডফান্ডিং প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে যি বৰঙণি সংগ্ৰহ কৰিছে সি ফৰেইন কন্ট্রিবিউচন এক্টৰ বিধি উলঙ্ঘন কৰিছে।

আয়কৰ বিভাগে জনায় যে, যেতিয়াই কামৰ হিচাপ চনু সুদে লুকুৱাবলৈ চাইছিল, তেতিয়া তেওঁ ভুৱা সংস্থাৰ পৰা ঋণ লোৱা দেখুৱাইছিল। তদন্তকাৰী বিষয়াই ইতিমধ্যে এনে ধৰণৰ ২০ টা বেনামী লেনদেনৰ সংস্থাৰ তথ্য লাভ কৰিছে। যিয়ে সেই ভুৱা ঋণ দিয়া জালিয়াতিৰ কথা জেৰাত স্বীকাৰ কৰিছে।

চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সৰ তৰফৰ পৰা জনোৱা অনুসৰি, যোৱা ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে চনু সুদৰ সংস্থাই ১৮.৯৪ কোটি টকা অনুদান হিচাপে সংগ্ৰহ কৰিছে। ইয়াৰে ১.৯ কোটি টকা সমাজ সেৱাৰ কামত ব্যৱহাৰ কৰা হৈছে।

বাকি ১৭ কোটি টকা বৰ্তমানেও জমা আছে। চনুৰ কাৰ্যালয়ত তালাচী অভিযানত ১.৮ কোটি টকা বাজেয়াপ্ত কৰিছে আয়কৰ বিভাগৰ বিষয়াই। ইয়াৰোপৰি চনুৰ প্ৰায় ১১ টা লকাৰ জব্দ কৰিছে বিভাগে। আয়কৰ বিভাগে দাবী কৰে যে চনু আৰু তেওঁৰ সংস্থাই নগদ টকাৰ বিনিময়ত চেক লৈছিল। যিসমূহ হিচাপৰ তালিকাত লাভ কৰা ধন ঋণ হিচাপে দেখুওৱা হৈছিল। যাতে কৰ ফাঁকি দিব পৰা যায়।

উল্লেখ্য যে শুকুৰবাৰে চনু সুদৰ ঘৰ আৰু কাৰ্যালয় সহ ৬ টা স্থানত আয়কৰ বিভাগে তৃতীয় দিনৰ অভিযান চলায়।

সূত্ৰ অনুসৰি জানিব পৰা যায় যে চনুৰ ঘৰৰ পৰা বৰ্তমান কিছু গুৰুত্বপূৰ্ণ নথি পোৱা গৈছে, য’ত আয়কৰ ফাঁকিৰ প্ৰমাণ স্পষ্ট ৰূপত পোৱা গৈছে।

চনুৰ ব্যক্তিগত আৰ্থিক লেনদেনৰ সৈতে সম্পৰ্কিত এই আয়কৰ ফাঁকিৰ বিষয়। অৰ্থাৎ অভিনয়ৰ জৰিয়তে তেওঁ কৰা আয়ত ধৰা পৰিছে কিছু অনিয়ম।

Leave a Comment