দেশৰ সাংস্কৃতি মন্ত্ৰালয়ে ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে।
ই-নিলামৰ পৰা প্ৰাপ্ত ধন নমামি গঙ্গা মিছনক প্ৰদান কৰা হ’ব।
ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে।
উল্লেখ্য যে, টকিঅ’ অলিম্পিকছ আৰু পেৰালিম্পিকছত ভাৰতৰ প্ৰদৰ্শন আছিল যথেষ্ট আকৰ্ষণীয়।
টকিঅ’ৰ পৰা উভতি অহাৰ পিছত খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰি উৎসাহ জনোৱাৰ লগতে খেলুৱৈসকলেও তেওঁক বিভিন্ন উপহাৰ প্ৰদান কৰিছিল।
খেলুৱৈসকলৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা উপহাৰ সমূহ এতিয়া নিলাম কৰা হৈছে।
এই সকলো সামগ্ৰী ক্ৰয়ৰ বাবে বিভিন্ন লোক আগবাঢ়ি অহাও পৰিলক্ষিত হৈছে।
জেভলিন থ্ৰোত সোণৰ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ জেভলীনৰ নিবিদা ১ কোটি ৫০ লাখ টকা হৈছেগৈ।
ইফালে বক্সিঙত ব্ৰঞ্জ পদক অৰ্জন কৰা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰীক প্ৰদান কৰা বক্সিং গ্লাভছযোৰৰ প্ৰাৰম্ভিক মূল্য ৮০ লাখ নিৰ্ধাৰণ কৰা হৈছিল যদিও শুকুৰবাৰলৈ ইয়াৰ মূল্য ১.৯২ কোটি টকালৈ উঠিছে।
খেলুৱৈসকলৰ অটোগ্ৰাফ ফ্ৰেমৰ বাবে নিবিদাও এক কোটিত উপনীত হৈছে।
পেৰালিম্পিক গেমছত ভাৰতৰ হৈ স্বৰ্ণ জয় কৰা সুমিত এণ্টিলৰ জেভেলিনকো প্ৰায় ১ কোটি টকাৰ আধাৰ মূল্যত ৰখা হৈছে।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ই-নিলাম সমাপ্ত হ’বলৈ আৰু ১৯ দিন বাকী আছে।









