নাটকৰ অৱসান! তৃণমূলত যোগ দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্রিয়ই

নিউজ ডেস্ক। যোৱা কেইবামাহৰ নাটকৰ অৱসান। অৱশেষত তৃণমূল কংগ্ৰেছত যোগদান কৰিলে পশ্চিম বংগৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সদ্য প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়ই।

যোৱা ৩১ জুলাইত বাবুল সুপ্রিয়ই ফেচবুকত লিখিছিল বিদায়। অৱশ্যে তেওঁ ৰাজনীতি এৰিলেও সমাজ সেৱা কাৰ্যত তেওঁক দেখা যাব বুলি কৈছিল। কিন্তু আজিৰ তেওঁৰ কাৰ্যই সকলো পৰিষ্কাৰ কৰি দিলে।

বাবুলে বিদায় নিদিয়ে ৰাজনীতি। তেওঁ এৰিব বিচৰা নাই ৰাজনীতি।

আগষ্ট মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ কৰি তেওঁ জনাইছিল যে তেওঁ আৰু ৰাজনীতিত নাথাকিব। কিন্তু তেওঁৰ সেই উদ্দেশ্য আছিল তৃণমূললৈ যোৱা।

সেই কথা জানিব পৰা নাছিল কোনোৱে। বাবুল সুপ্ৰিয়ই তৃণমূলত যোগদান কৰাৰ কথা পোহৰলৈ আহে তৃণমূলৰ টুইটাৰৰ জৰিয়তে। আৰু সেই টুইটটো শ্বেয়াৰ কৰি ডেৰেক অ’ব্রায়েন লিখে- ‘খেলা হবে’।

উল্লেখ্য যে, শুকুৰবাৰে বাবুল সুপ্ৰিয়ৰ নিৰাপত্তা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰই। ঘোষণা কৰা হৈছিল যে বাবুলক ৱাই কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হ’ব। আৰু তেতিয়াৰ পৰাই চলিছিল জল্পনা-কল্পনা।

বাবুলক তৃণমূল কংগ্ৰেছলৈ আদৰণি জনায় তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে। কেইদিনমান পূৰ্বে বাবুল সুপ্ৰিয়ক মমতা বেনাৰ্জীৰ গাড়ীতো দেখা পোৱা গৈছিল। অৱশ্যে বাবুলে সেই ঘটনাক সৌজন্যমূলক বুলি কৈছিল।

ইয়াৰোপৰি পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সৈতে বাবুলৰ দূৰত্ব বৃদ্ধি পাইছিল দীৰ্ঘদিনৰ পৰা। সম্প্ৰতি নৰেন্দ্ৰ মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা নাছিল তেওঁ। সেই কথাতেই অভিমান কৰি বাবুলে ৰাজনীতি এৰাৰ কথা কৈছিল। অৱশ্যে তেওঁ অমিত শ্বাহ আৰু জে পি নড্ডাৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ কথা কৈছিল।

উল্লেখনীয় যে পশ্চিম বংগৰ আগন্তুক উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজেপিয়ে বাবুল সুপ্ৰিয়ৰ ঘনিষ্ঠ প্ৰিয়ংকা টিব্ৰেৱালক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। সেয়েহে ৰাজনৈতিক মহলত এইটো চৰ্চা চলিছে যে সেই প্ৰাৰ্থীৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়ক তৃণমূলৰ প্ৰাৰ্থী হিচাপে থিয় কৰাই আঘাত কৰিব বিজেপিক।

Leave a Comment