আন্তঃৰাষ্ট্ৰীয়অসমীয়া

দুই প্ৰেয়সীক একেলগে পত্নীৰ মৰ্যাদা প্ৰদান কৰা ৰােহিণীৰ জীৱনত ঘটিল এই অনাকাংক্ষিত ঘটনা

নিউজ ডেস্ক। দুই প্ৰেয়সীৰ সৈতে একেলগে বিয়াত বহিছিল ৰােহিনী কুমাৰ বৰ্মন নামৰ এজন ২৫ বছৰীয়া যুৱক।

যােৱা ২੦ এপ্ৰিলত হােৱা এই ব্যতিক্ৰমী বিবাহৰ ঘটনাই ব্যাপক চৰ্চালাভ কৰিছিল সামাজিক মাধ্যমত।

কিন্তু বিবাহৰ এমাহ নৌহওঁতেই ৰােহিনী কুমাৰ বৰ্মনৰ দাম্পত্য জীৱনত ঘটিল এক অপ্ৰত্যাশিত ঘটনা, যাৰ বাবে আকৌ এই যুৱকজন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

1 6

জানিব পৰা মতে, ৰােহিণীয়ে বিবাহ কৰোৱা দুগৰাকী প্ৰেমিকাৰ এগৰাকীয়ে যুৱকজনৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে।

মমতা ৰাণী নামৰ দ্বিতীয় গৰাকী পত্নীয়ে ৰোহিণী চন্দ্ৰ বৰ্মনৰ সৈতে বিবাহ বিচ্ছেদ কৰে।

ৰোহিণীৰ দেউতাক জামিনী কান্তে শনিবাৰে আবেলি বিবাহ বিচ্ছেদৰ বিষয়ে সাংবাদিকক অৱগত কৰে।

তেওঁ লগত এইটোও উল্লেখ কৰে যে মমতা ৰাণীৰ পৰিয়ালৰ নিৰ্দেশতে এই বিবাহ বিচ্ছেদ সম্পূৰ্ণ হৈছিল।

591

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে, ২০ এপ্ৰিলত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বাংলাদেশৰ পঞ্চগড়ৰ আটৱাৰী মহকুমাৰ বলৰামপুৰ অঞ্চলৰ ৰোহিনী চন্দ্ৰ বৰ্মনে দুজনী প্ৰেমিকাক একেলগে বিয়া কৰাই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ দুয়োকে একেলগে লৈ সংসাৰ চলোৱাত ব্যৰ্থ হয়।

বিবাহৰ মাত্ৰ ২২ দিন পিছতে, মমতা ৰাণীয়ে তেওঁৰ সৈতে বিবাহ বিচ্ছেদ কৰে।

জানিব পৰা মতে মমতাই মাতৃগৃহলৈ ফুৰিবলৈ বুলি গৈ ঘূৰি অহা নাছিল আৰু ৰোহিণীক তাৰ পৰাই বিবাহ বিচ্ছেদৰ পত্ৰ প্ৰেৰণ কৰিছিল।

অৱশ্যে, কিয় ইমান সোনকালে বিবাহ বিচ্ছেদ সংঘটিত হল সেয়া এতিয়াও জানিব পৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *