অসম

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত কৃত্ৰিম বান, কলৰ ভূৰ সাজি ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ

হঠাতে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো হৈছে কৃত্ৰিম বানৰ।

কৃত্ৰিম বানৰ কৱলত পৰিছে ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়।

যাৰ পৰিপেক্ষিতত কলৰ ভূৰ সাজি আহ-যাহ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ কেম্পাছত থকা ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাস এতিয়া একাঠু পানীৰ তলত।

image 28

ধাৰাশাৰ বৰষুণৰ পাছত ৰাস্তাত কৃত্ৰিম বান হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছলৈ অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন‌ হৈছে।

বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰই কলৰ ভূৰ চলোৱাৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বিশ্ববিদ্যালয়ৰ আৱাস সমূহত বিজ্ঞানসন্মত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই ছাত্ৰ আৰু ছাত্ৰী নিৱাসৰ চৌহদ জলমগ্ন হৈ পৰে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাই পূৰ্বৰ পৰাই এই সমস্যা সমাধানৰ দাবী উত্থাপন কৰি আহিছে যদিও আজি পৰ্যন্ত ইয়াৰ সমাধান হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *