অসম

ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টন দলে, ১৪ বাৰৰ চেম্পিয়ন দলক হৰুৱাই স্বৰ্ণ জয় ভাৰতৰ

ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টন দলে।

১৪ বাৰৰ চেম্পিয়ন দলক হৰুৱাই স্বৰ্ণ জয় ভাৰতৰ।

প্ৰথমবাৰলৈ ‘থমাচ কাপ’ জয় কৰিলে ভাৰতে।

থমাছ কাপ বেডমিণ্টনত ভাৰতে ইণ্ডোনেছিয়াক হৰুৱাই ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

ভাৰতে আজিৰ চূড়ান্ত খেলত ইণ্ডোনেছিয়াক ৩-০ ব্যৱধানত ধৰাশায়ী কৰে।

এই বিজয়ী ভাৰতীয় দলটোত আছে লক্ষ্য সেন (Lakshya Sen), কিদাম্বী শ্ৰীকান্ত (Kidambi Srikant), চিৰাগ ছেট্টী (Chirag Shetty), সাত্বিকসৈৰাজ ৰংকিৰেড্ডী(Satwik sairaj Ranki reddy)।

এই খিতাপ দখল কৰি ভাৰতে ১ কোটি টকাৰ প্ৰাইজ মানি লাভ কৰাৰ লগতে কাপ লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *