আজৱ কাণ্ড! ‘সেনা বিষয়া’ ভাৱীজোঁৱাইক আদৰ-সাদৰত ব্যস্ত আছিল পৰিয়াল, প্ৰকৃত চৰিত্ৰ জানিহে হাত দিলে মূৰে-কপালে, সৰকাই লৈ গ’ল লাখ লাখ টকা…

নিউজ ডেস্কঃ চৰকাৰী চাকৰিয়াল এজনলৈ নিজৰ ছোৱালীজনীক উলিয়াই দিয়াৰ সপোন দেখে অনেক পিতৃ-মাতৃয়ে।

লাগিলে ল’ৰাই চতুৰ্থ বৰ্গৰে চাকৰি নকৰক কিয়, কিন্তু চৰকাৰী চাকৰি মানে বহু পিতৃ-মাতৃৰ ধাৰণা এয়াই যে তেওঁলোকৰ ছোৱালীজনী সুখত থাকিব।

তাতে যদি ল’ৰা ভাৰতীয় সেনা বিষয়া হয়, তেন্তে কথাই নাই। জাতি-ধৰ্ম যিয়েই নহওক, তেনে এজন যোগ্য ল’ৰালৈ ছোৱালীক বিয়া দি নিজকে ভাগ্যবান প্ৰতিপন্ন কৰাত লাগি পৰে অনেক পিতৃ-মাতৃ।

তেনে এজন ল’ৰাৰে প্ৰেমত পৰিছিল বাক্সা জিলাৰ আঠিয়াবাৰীৰ শাদেৰীচুপাৰ এগৰাকী যুৱতী। প্ৰেমিক হেনো ভাৰতীয় সেনা বিষয়া। বৰ্তমান গ্ৰহণ কৰি আছে প্ৰশিক্ষণ।

কন্যাই এনে এজন ল’ৰাক নিজেই পচন্দ কৰা দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল পিতৃ-মাতৃও। সকলো সামৰ্থ উজাৰি আদৰ-সাদৰ কৰিছিল হ’বলগীয়া জোঁৱাইক।

কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা কাণ্ডত মোহ ভংগ হ’ল প্ৰেমিকা যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ। যিজন ল’ৰাক ভাৰতীয় সেনা বিষয়া বুলি অতদিনে আদৰ সাদৰ কৰি আহিছিল, পিছত ওলাল- তেওঁ হেনো প্ৰৱঞ্চক।

হ’বলগীয়া জোঁৱাইৰ আচল চৰিত্ৰ জনাৰ পিছতে এতিয়া মূৰে-কপালে হাত দিছে যুৱতীৰ পিতৃ-মাতৃয়ে।

আনফালে বিগত কিছুদিনত বিভিন্ন অচিলাৰে প্ৰৱঞ্চক যুৱকজনে প্ৰেমিকা আৰু পৰিয়ালৰ পৰা বিভিন্ন অচিলাৰে সৰকোৱা লাখ লাখ টকা হেৰুৱাই নিজকে নিজে ধিক্কাৰ দিছে পৰিয়ালটোৱে।

দৰাচলতে বাক্সা জিলাৰ আঠিয়াবাৰীৰ এগৰাকী যুৱতীক নিজকে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সেনা বিষয়া বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল ৰাজদ্বীপ ওৰফে পৰাগ নাথ নামৰ প্ৰৱঞ্চকজনে।

কেৱল যুৱতীগৰাকী বা পৰিয়ালকে নহয়, ওচৰ চুবুৰীয়াকো সেনা বিষয়া বুলি পৰিচয় দিছিল প্ৰৱঞ্চকজনে।

কিন্তু যুৱকজনৰ চলন-ফুৰণত সন্দেহ ঘনীভূত হয় একাংশ স্থানীয় নিৱাসীৰ লগতে গাঁওখনৰ পৰা কৰ্মৰত হৈ থকা কেইগৰাকীমান সেনা জোৱানৰ।

তাৰ পিছতে যুৱকজন সন্দৰ্ভত অনুসন্ধান চলোৱাত পোহৰলৈ আহে প্ৰকৃত ৰহস্য।

ইতিমধ্যে এই প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিছে আঠিয়াবাৰী আৰক্ষীয়ে।

সেনা বিষয়াৰ পৰিচয় দি যুৱতীক প্ৰেমত পেলাই লাখ লাখ টকা সৰকোৱা প্ৰৱঞ্চক ৰাজদ্বীপ ওৰফে পৰাগ নাথৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যুৱতীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।