দুঃখবৰ! অৱশেষত জীৱন নাট সামৰিলে প্ৰবীণ অভিনেতা বিক্ৰম গোখলেয়ে…

নিউজ ডেস্কঃ অৱশেষত জীৱন নাটৰ সামৰণি মাৰিলে প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰে।

কেইবা শতাধিক হিন্দী, মাৰাঠী আদি ভাষাৰ ছবিত অভিনয় কৰি দৰ্শকৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা বিশিষ্ট অভিনেতাগৰাকীয়ে শনিবাৰে পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ৫ নৱেম্বৰৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল বিক্ৰম গোখলে।

চিকিৎসকে জানিবলৈ দিয়া মতে, শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছিল যদিও শুকুৰবাৰে নিশাৰ পৰা হঠাৎ পুনৰ অৱনতি ঘটে।

image 176
দুঃখবৰ! অৱশেষত জীৱন নাট সামৰিলে প্ৰবীণ অভিনেতা বিক্ৰম গোখলেয়ে… 4

প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ।

মাৰাঠী মঞ্চাভিনয়ৰে অভিনয় যাত্ৰাৰ আৰম্ভণি কৰা বিক্ৰম গোখলেৰে হাম দিল দে চুকে চনম ছবিত ঐশ্বৰ্য ৰায়ৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও অগ্নিপাথ (১৯৯০), খুদা গৱাহ, ইনছাফ, চেলিম লাংড়ে পে মত ৰো, ভূল ভুলাইয়া, মিছন মংগল আৰু আইয়াৰী আদি হিন্দী চিনেমাত তেওঁ অভিনয় কৰিছে।

তেওঁ অভিনয় কৰা মাৰাঠী ছবিৰ ভিতৰত নটসম্ৰাট, লাপাণ্ডৱ, কালত নাকালত, বজিৰ, বালা গৌ কাশী আংগাৰ, অনুমতি, মুক্তা, মে শিৱাজী পাৰ্ক আৰু এ বি আনী চিডি অন্যতম।

image 177
দুঃখবৰ! অৱশেষত জীৱন নাট সামৰিলে প্ৰবীণ অভিনেতা বিক্ৰম গোখলেয়ে… 5

অন্যহাতে অভিনয়ৰ লগতে আঘাত ছবিৰ জৰিয়তে মাৰাঠী পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল গোখলেয়ে। ইয়াৰোপৰি হিন্দী আৰু মাৰাঠী কেইবাখনো ধাৰাবাহিকত তেওঁ কৰা অভিনয় আজিও দৰ্শকৰ মনত জীপাল হৈ আছে।

image 178
দুঃখবৰ! অৱশেষত জীৱন নাট সামৰিলে প্ৰবীণ অভিনেতা বিক্ৰম গোখলেয়ে… 6

গোখলেয়ে ২০১৩ চনত মাৰাঠী চিনেমা ‘অনুমতি’ৰ বাবে ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

বিক্ৰম গোখলেক শেষবাৰৰ বাবে দেখা গৈছিল চলিত মাহৰ আৰম্ভণিতে চিনেমাগৃহত মুক্তি পোৱা মাৰাঠী ছবি গোদাৱৰীত।