জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান…

জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান।

আজি পুৱা দেহাৱসান ঘটে কাৰ্টুনিষ্ট দত্তৰ।

image 173
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান... 4

হাতীগাঁও চাৰিআলিৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে দত্তই।

তামুলপুৰৰ তথ্য আৰু জনসংযোগ বিষয়া আছিল দত্ত।

image 175
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান... 5

বিগত কেইবামাহ ধৰি অসুস্থ হৈ আছিল দত্ত।

দত্ত আছিল কেইবাখনো কাকতৰ নিয়মীয়া কাৰ্টুনিষ্ট।

এসময়ত বিস্ময় আলোচনীযোগে জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীৰ কাৰ্টুনে ব্যাপক চৰ্চা লাভ কৰিছিল।

image 174
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান... 6

উল্লেখ্য যে কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ’ব।

কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ।