অনন্য নিদৰ্শন! ৮ বছৰীয়া কন্যাৰ সৈতে বৈধব্যৰ যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰা কল্পনাৰ সেওঁতাত সপোন আঁকিলে প্ৰশান্তই…

নিউজ ডেস্কঃ কল্পনাৰ উকা কপালত বেলি যোৱা আলি কাটি এটা নতুন পৰিচয় দিলে প্ৰশান্তই।

সমাজক সাক্ষী কৰি কল্পনাৰ বগা সাজযোৰ খুলি ৰঙৰ বোল সানে নলবাৰী জিলাৰ ম’হখুলীৰ প্ৰশান্ত শৰ্মা নামৰ যুৱকজনে।

শেহতীয়াকৈ নলবাৰী জিলাৰ ঐতিহাসিক বালিলেছা কালী মন্দিৰত সমাজক সাক্ষী কৰি সম্পন্ন হৈ যায় প্ৰশান্ত শৰ্মা আৰু কল্পনা ভাগৱতীৰ বিবাহখন।

এগৰাকী বিধৱাৰ শিৰত সেন্দুৰ সানি প্ৰশান্তই আঁকোৱালি লোৱাৰ এই ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে, লগতে প্ৰশংসিত হৈছে অনেকৰ পৰাও।

লক্ষণীয়ভাৱে এই বিয়াখনত উপস্থিত থাকে কল্পনা ভাগৱতীৰ ৮ বছৰীয়া কন্যাও।

জানিব পৰা মতে, কিছু বছৰ পূৰ্বে স্বামীক হেৰুৱাইছিল কল্পনা ভাগৱতী নামৰ মহিলাগৰাকীয়ে।

এটি ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে বৈধব্যৰ যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰাৰ সময়তে তেওঁৰ কাষত সহায়ৰ হাত হৈ ঠিয় দিছিল প্ৰশান্ত শৰ্মাই।

photo1669459926
অনন্য নিদৰ্শন! ৮ বছৰীয়া কন্যাৰ সৈতে বৈধব্যৰ যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰা কল্পনাৰ সেওঁতাত সপোন আঁকিলে প্ৰশান্তই… 2

তাৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে দুয়ো বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলে।

কল্পনা আৰু প্ৰশান্তৰ এই অনন্য বিবাহখনে এতিয়া সমগ্ৰ নলবাৰীতে চৰ্চা লাভ কৰিছে।

সমাজৰ হেঙাৰ নেওচি এনেদৰে এগৰাকী বিধৱা মহিলাক এজন যুৱকে আঁকোৱালি লোৱা কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে সচেতন মহলে।