দানবীৰ চোৰ! চুৰি কৰা ধন বিলাই দিয়ে দৰিদ্ৰৰ মাজত, সামাজিক মাধ্যমত ভাইৰেল চোৰ-আৰক্ষীৰ কথোপকথন…

নিউজ ডেস্কঃ চুৰি কৰি ভালেই লাগে, কিন্তু পিছতহে অনুশোচনা হয়।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা চোৰ আৰু এগৰাকী আৰক্ষীৰ মাজৰ কথোপকথন।

সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰা ভিডিঅ’টো ছত্তীশগড়ৰ বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা এটা চোৰক এগৰাকী আৰক্ষী বিষয়াই প্ৰশ্ন কৰি থকা পৰিলক্ষিত হৈছে।

ভিডিঅ’টোৰ প্ৰথমতেই আৰক্ষী বিষয়াগৰাকীয়ে প্ৰশ্ন কৰিছে কাষত থিয় হৈ থকা চোৰটোক- চুৰি কৰি কেনে লাগে?

আৰক্ষীৰ এই প্ৰশ্নত চোৰৰ উত্তৰ- চুৰি কৰি ভালেই লাগে, কিন্তু পিছত অনুশোচনা হয় বেয়া কাম বুলি।

চোৰটোৰ এই উত্তৰত হাঁহিৰ ৰোল উঠে কাষত থিয় হৈ থকা সকলৰ মাজত।

তাৰ পিছতে আৰক্ষী বিষয়াগৰাকীৰ দ্বিতীয় প্ৰশ্ন- চুৰি কৰি কিমান টকা পালি?

চোৰৰ এইবাৰ উত্তৰ- ১০ হাজাৰ।

আৰক্ষী বিষয়াগৰাকীয়ে সেই টকাৰে কি কৰিলে বুলি চোৰটোক পুনৰ প্ৰশ্ন কৰাত এইবাৰ চোৰৰ উত্তৰ- দৰিদ্ৰৰ মাজত বিলাই দিলো।

গাই, কুকুৰ, মেকুৰী আদি জন্তুৰ বাবে কম্বল কিনি বিলাই দিয়া বুলি উত্তৰ দিয়ে চোৰটোৱে।

চোৰটোৰ এই ৰসিকতাপূৰ্ণ উত্তৰত পুনৰ এবাৰ হাঁহিৰ ৰোল উঠে কোঠাটোত।

শেহতীয়াকৈ এনেদৰে ভাইৰেল হৈ পৰা চোৰটোৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি ৰসিকতা লৈছে নেট ব্যৱহাৰকাৰীয়েও।