নিউজ ডেস্কঃ আকৌ ঘটিল সেই কৰুণ ঘটনা! পুনৰ নাচি নাচিয়েই জীৱন নাট সামৰিলে আন এজন লোকে!
সমগ্ৰ দেশত শেহতীয়াকৈ হৃদক্ৰিয়া হৈ মৃত্যু ঘটাৰ ঘটনা দ্ৰুত হাৰত বৃদ্ধি পাইছে। কোনোবাই যদি গাড়ী চলাই থাকোতে, আন কোনোবাই আকৌ নাচি বা গীত গাই থাকোতেই হেৰুৱাইছে প্ৰাণ।
শেহতীয়াকৈ বলিউডৰ কেইবাগৰাকীও অভিনেতাইও শাৰীৰিক কচৰতৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে।
এইবাৰ তেনেদৰেই মৃত্যুক সাৱটিলে আন এজন ব্যক্তিয়ে। বিবাহ অনুষ্ঠানত নাচি থাকোতেই হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় মনোজ বিশ্বকৰ্মা নামৰ এজন ৪০ বৰ্ষীয় ব্যক্তিয়ে।
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ঔগদনাথ টকীয়া নিৱাসী মনোজ বিশ্বকৰ্মাই ২৫ নৱেম্বৰত চেটগঞ্জ থানাৰ পিপলানি কাত্ৰৰ আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ ভাগ ল’বলৈ গৈছিল।
বিবাহৰ দিনটোত দুপৰীয়া বিয়াৰ আনন্দ নাচি থকাৰ সময়তে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটি অচেতন হৈ পৰে।
লগে লগে তেওঁক পৰিয়ালৰ লোকে এখন ব্যক্তিগত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
মনোজ বিশ্বকৰ্মাৰ এই আকস্মিক মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।









