ইন্ধনচালিত স্কুটাৰৰ বিপৰীতে অহা বছৰৰ পৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব বৈদ্যুতিক স্কুটাৰঃ মুখ্যমন্ত্ৰী

আজি খানাপাৰাত অনুষ্ঠিত হয় ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত।

বঁটা প্ৰদান অনুষ্ঠানত ৩৫৮০০ গৰাকী মেধীৱী শিক্ষাৰ্থীক প্ৰদান কৰা হয় বিনামূলীয়া স্কুটী।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সেই অনুসৰি ইন্ধনচালিত স্কুটাৰৰ বিপৰীতে অহা বছৰৰ পৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব বৈদ্যুতিক স্কুটাৰ।

অহা বছৰৰ পৰা পেট্ৰ’ল চালিত স্কুটাৰৰ পৰিৱৰ্তে বৈদ্যুতিক স্কুটাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্কুটী পোৱা ৩৫,৮০০ ছাত্ৰ-ছাত্ৰী আটাইতকৈ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী, তেওঁলোকে তৃতীয়-চতুৰ্থ বিভাগৰ চাকৰিৰ অপেক্ষাত থাকিলে নহ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ লগতে আজিৰ অনুষ্ঠানতে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰীক ১০০০কৈ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। এইক্ষেত্ৰত দুমাহ শিক্ষানুষ্ঠান বন্ধ থকা বাবে ১০ মাহত দহ হাজাৰ টকা প্ৰদান কৰিব। সকলো ছাত্ৰীকে এই সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাই তেওঁ এই সম্পৰ্কত শীঘ্ৰে এটা নতুন প’ৰ্টেল প্ৰস্তুত কৰাৰ বিষয়ে জনায়।

উল্লেখ্য যে, আজি কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ শিক্ষাৰ্থীক প্ৰদান কৰা হয় স্কুটী।

ইয়াৰ ভিতৰত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ৬০৫২ গৰাকী ছাত্ৰই লাভ কৰে স্কুটী।

আনহাতে প্ৰথম বিভাগত উত্তীৰ্ণ ২৯৭৪৮ গৰাকী ছাত্ৰীয়ে লাভ কৰিব স্কুটী।