অসমীয়াৰাষ্ট্ৰীয়

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব অসম সন্তান ন্যায়াধীশ উজ্বল ভূঞা

নিউজ ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি দিয়াৰ পিছতে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰশ্মিন মনোহৰভাই চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শেহতীয়াকৈ আৰ এম চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

photo1652855993

উল্লেখ্য যে, ন্যায়াধীশ সুধাংশু ঢুলীয়াক উচ্চতম ন্যায়ালয়লৈ পদোন্নতি দিয়াৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ নংমেকাপাম কটেশ্বৰ সিঙক মুখ্য ন্যায়াধীশৰ দায়িত্ব পালন কৰাৰ বাবে নিযুক্তি দিছিল। ইয়াৰ পিছতে ন্যায়াধীশ আৰ এম চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত নিযুক্তি দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ আগবঢ়ায়।

প্ৰণিধানযোগ্য যে, ১৯৬১ চনত জন্মগ্রহণ কৰা ন্যায়াধীশ চায়াই ১৯৮৪ চনত আইনৰ ডিগ্ৰী গ্ৰহণ কৰে আৰু বিভিন্ন পদত দায়িত্ব নির্বাহ কৰাৰ পিচত ২০১১ চনত গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে। ২০১৩ চনত তেওঁ সেই ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

photo1652856016

ইফালে তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা অসম সন্তান উজ্বল ভূঞাক ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে।

১৯৬৪ চনত গুৱাহাটীত জন্মগ্রহণ কৰা ন্যায়াধীশ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলএম ডিগ্রী গ্ৰহণ কৰিছিল। তাৰ পিচত ১৯৯১ চনত তেওঁ গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল।

photo1652856034

২০১১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৯ চনত তেওঁ ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰে। ২০২১ চনৰ অক্টোবৰ মাহত তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিছিল ন্যায়াধীশ উজ্বল ভূঞাই।

Leave a Reply

Your email address will not be published. Required fields are marked *