অসমীয়াৰাষ্ট্ৰীয়

ৰাখে হৰি মাৰে কোনে! চাৰ্টৰ পকেটত ৰখা এটা মাৰ্কাৰেই জীৱন ৰক্ষা কৰিলে বিৰিয়ানী ব‍্যৱসায়ীৰ

নিউজ ডেস্কঃ বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন অভিনীত ‘দিৱাৰ’ নামৰ ছবিখন আপুনি নিশ্চয় চাইছে। কিদৰে চোলাৰ পকেটত ৰখা এটা পিতলৰ লকেটে নায়ক অমিতাভ বচ্চনক আৰক্ষীৰ গুলীৰ পৰা ৰক্ষা কৰিছিল, সেইকথা আপোনাৰ মনত আছেনে?

ৰূপালী পৰ্দাৰ এই কাহিনীটোৰেই যেন পুনৰাবৃত্তি ঘটিল পশ্চিমবংগৰ এখন বিৰিয়ানী দোকানৰ কৰ্মচাৰীৰ সৈতে। চাৰ্টৰ পকেটৰ এটা মাৰ্কাৰ কলমেই বিৰিয়ানী দোকানখনৰ কৰ্মচাৰী প্ৰদীপ সিঙক সোমবাৰে দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰদীপ সিঙে সোমবাৰে আবেলি বাৰেকপুৰৰ বিৰিয়ানী দোকানত গ্ৰাহকসকলক বিৰিয়ানীৰ টোপোলা যোগান ধৰি আছিল। সেই সময়ত তেওঁৰ জেপত আছিল এটা মাৰ্কাৰ কলম।

আনহাতে দোকানত গ্ৰাহকৰ সৈতে ব্যস্ত থকাৰ সময়তে মটৰ চাইকেলত অহা দুৰ্বৃত্তই গুলীচালনা কৰে প্ৰদীপলৈ লক্ষ্য কৰি। কিন্তু সৌভাগ্যক্ৰমে দুৰ্বৃত্তই গুলীয়ে চিধাই প্ৰদীপৰ চাৰ্টৰ জেপত থকা মাৰ্কাৰ পেনটোত স্পৰ্শ কৰাত প্ৰাণহানি হোৱাৰ পৰা ৰক্ষা পৰে প্ৰদীপ সিং।

photo1652856545

চিকিৎসকে জানিবলৈ দিয়া মতে, গুলীয়ে জেপত থকা মাৰ্কাৰ পেনটোত আঘাত নকৰাহ’লে সেই গুলীত প্ৰদীপ সিঙৰ মৃত্যু নিশ্চিত আছিল। কিন্তু সৌভাগ্যক্ৰমে মাৰ্কাৰ পেনটোত আঘাত কৰি গুলীটোৰ দিশ সলনি হৈ যায় আৰু সাধাৰণ আঘাততে প্ৰাণ ৰক্ষা পৰে প্ৰদীপৰ।

প্ৰদীপেও এটা মাৰ্কাৰ পেনৰ বাবে জীৱন ৰক্ষা পৰাত ইশ্বৰক ধন্যবাদ জনাইছে।

উল্লেখ্য যে, সোমবাৰে আবেলি বাপী দাস নামৰ লোকজনৰ দোকানত হোৱা এই গুলীচালনাত এজন গ্ৰাহকসহ কৰ্মচাৰী প্ৰদীপ আহত হয়। আৰক্ষী ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে এই ঘটনাৰে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে দোকানখনত দুৰ্বৃত্তৰ আক্ৰমণৰ কাৰণো বৰ্তমান ৰহস্য হৈয়ে আছে। স্থানীয় মোহনপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ সৰকাৰে ব্যক্তিগত শত্ৰুতাৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *