তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যােগদান সুস্মিতা দেবৰ

নিউজ ডেস্ক। অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই মমতা বেনাৰ্জীৰ নেতৃত্বাধীন সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলত যােগদান কৰিলে সদ্য কংগ্ৰেছ দলত্যাগী সুস্মিতা দেবে।

এই উদ্দেশ্যে সােমবাৰে দলটােৰ কলকাতা স্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হয় সুস্মিতা দেব।

দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী তথা সাংসদ ডেৰেক অ’ ব্ৰায়েনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ সদস্যতা গ্ৰহণ কৰে সুস্মিতাই।

তৃণমূল কংগ্ৰেছ দলৰ টুইটাৰ একাউন্টত এই সন্দৰ্ভত টুইট কৰি প্ৰকাশ কৰে যে মমতা বেনাৰ্জীৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সদ্য পদত্যাগী নেত্ৰী সুস্মিতা দেবে তৃণমূল কংগ্ৰেছত যােগদান কৰে।

উল্লেখ্য যে টিএমচিত যােগদানৰ পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কলকাতাত সাক্ষাৎ কৰিছিল সুস্মিতাই।

Leave a Comment