অসম

তৃণমূল কংগ্ৰেছত যোগদান কৰিব সুস্মিতাই!

নিউজ ডেস্ক। কংগ্ৰেছ দলৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ আকস্মিক দলত্যাগে তীব্ৰ জােকাৰণি সৃষ্টি কৰিছে কংগ্ৰেছ দলত।

সোমবাৰে পুৱাই এই বাতৰি বিয়পি পৰাৰ লগে লগেই তীব্ৰ জােকাৰণিৰ সৃষ্টি হয় প্ৰদেশ কংগ্ৰেছত।

ইপিনে, কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে নিজৰ পৰৱৰ্তী সিদ্ধান্ত সন্দৰ্ভত কােনাে আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই যদিও তেওঁ অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি ইতিমধ্যে চৰ্চিত হৈছে।

জানিব পৰা মতে, সুস্মিতাই অসমত তৃণমূল কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰিব।

সুস্মিতা সম্প্ৰতি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক সাক্ষাৎ কৰিবলৈ কলকাতাত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *