অসমৰ এইখন জিলাত একাংশ সংগঠনে চলাই আহিছে বনধ্বংস যজ্ঞঃ গুৰুতৰ অভিযোগ অৰণ্য মানৱ যাদৱ পায়েঙৰ

নিউজ ডেস্কঃ তিনিচুকীয়াত বনধ্বংসত নামিছে একাংশ সংগঠন।

-এই গুৰুতৰ অভিযোগ অৰণ্য মানৱ যাদৱ পায়েঙৰ।

এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত অৰণ্য মানৱখ্যাত পায়েঙে কয় যে তিনিচুকীয়াৰ বনাঞ্চলত একাংশই মহা মূল্যবান হোলোং গছ কাটি ৰে’লেৰে সৰবৰাহ কৰি আহিছে।

সেনাৰ জৰিয়তে এনে বনধ্বংস যজ্ঞ ৰোধ কৰিবলৈও দাবী জনায় পায়েঙে।

photo1658820464
অসমৰ এইখন জিলাত একাংশ সংগঠনে চলাই আহিছে বনধ্বংস যজ্ঞঃ গুৰুতৰ অভিযোগ অৰণ্য মানৱ যাদৱ পায়েঙৰ 2

তেওঁ কয়, ‘মই তিনিচুুকীয়াৰ এখন বিদ্যালয়ৰ অনুষ্ঠানলৈ যাওতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অৰণ্যৰ মাজলৈ গৈছিলো। তেতিয়া দেখিলো ৪-৫ ফুটকৈ হোলোং গছবোৰ কাটি নিয়া হৈছে। আৰু নম্বৰপ্লেট বিহীন বলেৰ’ বাহনেৰে ষ্টেছনলৈ কঢ়িয়াই তাৰ পৰা ৰে’লেৰে সৰবৰাহ কৰি থকা হৈছে।’

আনহাতে ছাত্ৰ-ছাত্ৰীয়ে গছ কটাত বাধা দিলে বন্দুক দেখুৱাই ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে। যাৰ বাবে সেনাৰ জৰিয়তে এই বন ধ্বংস ৰোধ কৰিবলৈ তেওঁ দাবী জনায়।

উল্লেখ্য যে, অৰণ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা চলাই আহিছে অৰণ্য মানৱ যাদৱ পায়েঙে।

কেৱল অসম বা ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈ তেওঁ বন্য জীৱ-জন্তুৰ প্ৰয়োজনীয়তা আৰু অৰণ্য সুৰক্ষাৰ বাবে সাধাৰণ জনতাক উদ্বুব্ধ কৰি আহিছে।