ক্ৰীড়া প্ৰেমীৰ বাবে দুখবৰ! কমনৱেলথ গেমছত দেখা নাযাব জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাক…

বাৰ্মিংহাম কমনৱেলথ গেমছত দেখা নাযাব জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাক।

অলিম্পিক স্বৰ্ণজয়ী থ্ৰোৱাৰ গৰাকীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পোৱা আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰিলে কনৱেলথ গেমছৰ পৰা।

কমনৱেল্থ গেমছলৈ মাজত মাথো আৰু ৭ টা দিন থকা অৱস্থাত এই বাতৰি নিজেই সদৰি কৰে খেলুৱৈগৰাকীয়ে।

নীৰজে চলিত সপ্তাহতে আমেৰিকাত আয়োজিত ৱৰ্ল্ড এথেলেটিকছ ছেম্পিয়নচিপত ৰূপৰ পদক দখল কৰিছিল।

সেই খেলৰ সময়তেই আঘাট পাইছিল নীৰজ চোপ্ৰাই।

যাৰ বাবেই সকলো জল্পনা কল্পনা শেষ কৰি খেলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে খেলুৱৈগৰাকীয়ে।