ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী নৈশ বাছ, ৯ জনকৈ যাত্ৰী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল নৈশ যাত্ৰীবাহী বাছ।

ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

যোৰাহাটৰ পৰা ধুবুৰী অভিমুখে আহি থকা এএছ ০১ইচি ৫৪৪২ নম্বৰৰ নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত।

দুৰ্ঘটনাটোৰ ফলত নৈশ বাছখনত থকা ৯ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে নৈশ বাছখন।

আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে টিএমচিএইচললৈ প্ৰেৰণ কৰা হয়।

গুৰুতৰভাৱে আহত আন এজন লোকক জিএমচিএইচলৈ প্ৰেৰণ।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাছ চালকসহ হেণ্ডিমেন।