ৰাষ্ট্ৰীয়

ডাঙৰ খবৰঃ এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক এবছৰৰ কাৰাদণ্ড বিহিলে আদালতে…

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙক এবছৰৰ কাৰাদণ্ড বিহিলে আদালতে।

এক হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এবছৰৰ কাৰাদণ্ড বিহা হৈছে সিঙক।

এই গোচৰটো ২০১১ চনত এজন ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে সম্পৰ্কিত।

ইন্দোৰ জিলা আদালতে দিগ্বিজয় সিঙকে ধৰি ছয়জন লোকক দোষী সাব্যস্ত কৰিছে।

এবছৰৰ কাৰাদণ্ডৰ লগতে ৫০০০-৫০০০ টকা জৰিমনা বিহা হৈছে আটাইকেইজনকে।

ঘটনা অনুসৰি, ২০১১ চনৰ ১৭ জুলাইত উজ্জয়িনীত যুৱ মৰ্চাৰ কৰ্মী জয়ন্ত ৰাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ কনভয়লৈ ক’লা পতাকা দেখুওৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছত দুয়োটা পক্ষই মাধৱ নগৰ আৰক্ষী থানা উজ্জয়িনীত গোচৰ ৰুজু কৰিছিল।

দিগ্বিজয় সিঙৰ উপৰি প্ৰাক্তন সাংসদ প্ৰেম চন্দ্ৰ গুড্ডু, তৰানাৰ বিধায়ক মহেশ পাৰমাৰ, কংগ্ৰেছী অনন্ত নাৰায়ণ সিং আৰু অন্যান্যসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল।

ইপিনে আদালতৰ ৰায়ৰ পিছতে দিগ্বিজয় সিঙে কয়- এইটো এটা ১০ বছৰ পুৰণি গোচৰ আৰু তেওঁক এটা মিছা গোচৰত অভিযুক্ত কৰা হৈছে। তেওঁৰ নাম আগতে এজাহাৰত নাছিল। ৰাজনৈতিক চাপত মোৰ নাম যোগ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *