অসমঅসমীয়া

পুনৰ শতক অতিক্ৰম পেট্ৰ’লৰ মূল্য! ৬ দিনত ৫ বাৰকৈ বৃদ্ধি পালে দাম

নিউজ ডেস্ক। পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।

যোৱা ৬ দিনত একেৰাবে ৫ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।

দেওবাৰৰ দিনটোত ৰাজ্যত পেট্ৰ’লত ৫৫ পইচা আৰু ডিজেলত ৫৮ পইচা পুনৰ বৃদ্ধি পায়।

গুৱাহাটীত দেওবাৰৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ৯৮.৬৭ টকা।

আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দাম হৈ পৰিছে ৮৪.৭৯ টকা।

ইফালে ঢকুৱাখনা, মাজুলীকে ধৰি ৰাজ্যৰ একাধিক অঞ্চলত পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিছে শতকৰ ঘৰ।

মূল্যবৃদ্ধিৰ এনে মাধমাৰে সাধাৰণ জনতাকো এতিয়া জুৰুলা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *