অসমঅসমীয়া

নামভৰ্তি হ’ল যদিও স্কুললৈ যাব নােৱাৰিব কণমানি পূবালীয়ে…

নিউজ ডেস্ক। নাম ভৰ্তি হ’ল যদিও কাহানিও স্কুললৈ যাব নােৱাৰিব কণমানি পূবালীয়ে।

প্ৰসাদৰ বুট ডিঙিত লাগি পিতৃ-মাতৃৰ সন্মুখতে মৃত্যু ঘটিল ৩ বছৰ ৯ মাহৰ কণমানিজনীৰ।

এই ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰা-হুজুৰীপাৰাত।

মৃত শিশুটিৰ নাম পূবালী ডেকা।

photo 2022 03 26 12 02 03

স্থানীয় শিক্ষক চিন্তু ডেকা আৰু দীপশিখা ডেকাৰ একমাত্র কন্যা সন্তান পূবালী ডেকা।

ঘটনাৰ বিৱৰণি মতে, শুকুৰবাৰে সন্ধিয়া ৭মান বজাত কণমানি শিশুটি নিজৰ ঘৰতে পিতৃৰ সৈতে একেলগে পঢ়া টেবুলত খেলি আছিল।

তেনে সময়তে এখন প্লেটত থকা প্ৰসাদৰ বুটকেইটামান খায় কণমানিজনীয়ে।

কিন্তু মুখত ভৰোৱা বুট ডিঙিত লাগি ধৰাৰ ফলত শ্বাস-প্রশ্বাসত কষ্ট অনুভৱ কৰে কণমানিজনীয়ে।

লাহে লাহে শিশুটিয়ে অধিক কষ্ট পাবলৈ ধৰাত বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে শিশুটিক মৃত বুলি ঘোষণা কৰে।

পাছত পৰিয়ালে উত্তৰ গুৱাহাটীত থকা এখন ব্যক্তিগত হাস্পতালত লৈ যায় যদিও তাতো চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে।

জানিব পৰা মতে, পূবালী ডেকাক এইবাৰ নামভৰ্তি কৰোৱা হৈছিল মাজগাঁৱৰ ছেইণ্ট যোচেফ পাব্লিক স্কুলত।

১ এপ্ৰিলৰ দিনা প্রথম স্কুললৈ যোৱাৰ কথা আছিল। কিন্তু এতিয়া আৰু স্কুললৈ যােৱা নহ’ব দুৰ্ভগীয়া কণমানিজনীৰ।

নিজৰ একমাত্ৰ শিশুটিক চকুৰ সন্মুখত মৃত্যু হোৱা প্ৰত্যক্ষ কৰি শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

লগতে চাওকঃ

ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ

G4 21

চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু

G1 47

Leave a Reply

Your email address will not be published. Required fields are marked *