অসমীয়াৰাশিফল

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৫ মে’, বৃহস্পতিবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। পুৰণি বন্ধুবৰ্গৰ সৈতে ফোনত বাৰ্তালাপ হ’ব পাৰে। অজ্ঞাত লোকৰ পৰা সাৱধান হওক। কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা কৰা হ’ব। স্বাস্থ্য উন্নত হ’ব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। আপুনি কাৰোবাৰ সৈতে তৰ্ক কৰিব পাৰে। অত্যাধিক খং পৰিহাৰ কৰক। সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত থাকিব পাৰে। হঠাৎ ধন লাভৰ সুযোগ থাকিব। ব্যৱসায়ত উন্নত হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। আপুনি এজন বন্ধুৰ সৈতে ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

মিথুন ৰাশি- অপ্ৰয়োজনীয় আলোচনাত লিপ্ত হৈ সময় অপচয় নকৰিব। আজি আপুনি কেৰিয়াৰৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। আপুনি ব্যৱসায়ত চুক্তিৰ নতুন প্ৰস্তাৱ বিচাৰি পাব পাৰে। অধ্যয়নৰ প্ৰতি ৰাপ বৃদ্ধি পাব। আজি আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- দীর্ঘদিনয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। বাহন এখন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। নিজকে সংযত ৰাখক। খাদ্যৰ বিষয়ে অসাৱধান নহ’ব। আপুনি আপোনাৰ বিৰোধীসকলৰ প্ৰতি সাৱধান হ’ব লাগিব। ধনৰ লেনদেনৰ পৰা আজি বিৰত থাকক। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভাম্বিত কৰিব পাৰে।

সিংহ ৰাশি- পৰিয়ালত চলি থকা সমস্যাবোৰ আজি সমাধান হ’ব পাৰে। নিজৰ স্বাস্থ্যৰ যতন লওক। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ চিন্তাধাৰা অতি ইতিবাচক হ’ব। আপুনি স্থগিত হৈ থকা কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ব্যবসায়ত বন্ধুবৰ্গৰ সহায়ে আপোনাক লাভাম্বিত কৰিব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

কন্যা ৰাশি- আজি আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত কিছু সমস্যা থাকিব পাৰে। ব্যৱসায়ৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। সমাজত সন্মান বৃদ্ধি পাব। বাৰ্তালাপত সাৱধান হওক। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- ভ্ৰমণৰ সুযোগ লাভ কৰিব, কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। উপাৰ্জনতকৈ বেছি ব্যয় নকৰিব। ব্যবসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। আত্মীয়সকলৰ সৈতে সম্পৰ্কৰ অৱনতি হ’ব পাৰে। আজি কোনো নতুন কাম আৰম্ভ নকৰিব। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। পৰিয়ালত চলি থকা সমস্যাবোৰ আজি সমাধান হ’ব। আজি আপুনি এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভম্বিত কৰিব। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল ভোগ কৰিবলৈ সক্ষম হ’ব। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যবসায়ত উন্নত হ’ব। আপুনি আনক সহায় কৰিবলৈ ইচ্ছুক হ’ব। আপুনি বন্ধুবৰ্গৰ সৈতে তৰ্ক কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি চলি আইনী প্রক্রিয়া আজি সমাধান হ’ব। মাতৃৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ’ব।

কুম্ভ ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। তৰ্ক-বিৰ্তকৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। ব্যবসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পুৰণি বন্ধু এজনৰ সৈতে লগ হ’ব পাৰে। পিতৃৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক।

মীন ৰাশি- যিকোনো অপ্ৰয়োজনীয় কামত অধিক ব্যয় হ’ব। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ লওক। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *