অসমীয়াৰাষ্ট্ৰীয়

টুইটাৰৰ ব্লু টিক প্ৰত্যাহাৰৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হৈ নিজেই বিপদত পৰিল CBIৰ প্ৰাক্তন সঞ্চালক, ভৰিবলগীয়া হ’ল ১০ হাজাৰ টকা জৰিমণা

নিউজ ডেস্কঃ টুইটাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হৈ নিজেই বিপদত পৰিবলগীয়া হ’ল চিবিআইৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সঞ্চালক তথা প্ৰাক্তন আইপিএছ বিষয়া এম নাগেশ্বৰ ৰাও।

টুইটাৰ হেণ্ডেলৰ পৰা ‘ব্লু টিক’ প্ৰত্যাহাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হোৱা প্ৰাক্তন আইপিএছ বিষয়াগৰাকীৰ ওপৰত ১০ হাজাৰ টকাৰ জৰিমণা আৰোপ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

photo1652868066

টুইটাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে নাগেশ্বৰ ৰাওৰ আবেদন খাৰিজ কৰি আদালতে কয় যে এইটো বুজিব লাগিব যে টুইটাৰে আবেদনৰ বিষয়ে সিদ্ধান্ত ল’বলৈ সময় ল’ব। আদালতে কয় যে আবেদনখন খাৰিজ কৰা হৈছে আৰু ১০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।

ন্যায়াধীশ যশৱন্ত বাৰ্মাই কয় যে ৭ এপ্ৰিলতো আদালতে ৰাওক ‘প্ৰমাণীকৰণ টেগ’ৰ বাবে পুনৰ আবেদন কৰাৰ স্বাধীনতা প্ৰদান কৰি এনে আৱেদনৰ নিষ্পত্তি কৰিছিল।

photo1652868067

ৰাওৱে দাখিল কৰা নতুন আৱেদনখনত কোৱা হৈছে যে তেওঁ আদালতৰ আদেশ অনুসৰি পুনৰ আবেদন কৰিছিল যদিও আজিলৈকে টুইটাৰে ‘প্ৰমাণীকৰণ টেগ’ বাহাল কৰা নাই। যাৰ বাবে তেওঁ নতুন আবেদন দাখিল কৰিছে।

দৰাচলতে, প্ৰমাণীকৰণ বেজ অৰ্থাৎ টুইটাৰত ‘ব্লু টিক’ বিচাৰি নাগেশ্বৰ ৰাওৱে তেওঁৰ নতুন আবেদনত কয় যে টুইটাৰৰ পদক্ষেপ সংবিধানৰ বিভিন্ন ব্যৱস্থাৰ উলংঘন। কিয়নো ই মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ উলংঘা কৰে।

photo1652868097

অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ অধিবক্তাই আবেদনখনত এয়াও উল্লেখ কৰে যে আদালতৰ নিৰ্দেশ অনুসৰি তেওঁলোকে ব্লু টিক পাবলৈ পুনৰ আবেদন কৰিছে। কিন্তু টুইটাৰে আজিলৈকে ব্লু টিক বাহাল কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *