ৰাজ্যত বানৰ তাণ্ডৱঃ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস অমিত শ্বাহৰ…

বছৰটোৰ প্ৰথমটো বানত আক্ৰান্ত ৰাজ্যবাসী।

ক্ৰমাৎ জটিল হৈ পৰা বানপানীৰ কবলত পৰিছে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ লাখ লাখ লোক।

Image

বিভিন্ন স্থানত খাদ্য, খোৱাপানী, বাসস্থানৰ সংকটে দেখা দিছে।

তথ্য অনুসৰি ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক এতিয়া বানৰ কবলত।

Image

বানৰ সমান্তৰাল ভাৱে গৰাখহনীয়া, ভূমিস্খলনে অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

শেহতীয়া তথ্য অনুসৰি বান, ভূমিস্খলনৰ ফলত ৰাজ্যত প্ৰায় ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।

Indian Army Launches Flood Relief Operations In Assam's Hojai

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

এক টুইটযোগে অমিত শ্বাহে অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰাৰ কথা সদৰি কৰে।

অসমীয়াতে তেওঁ লিখিছে, ‘অসমৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ বাতৰিত চিন্তিত হৈ পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি বাৰ্তালাপ কৰোঁ৷ এন ডি আৰ এফৰ দল ইতিমধ্যে মোতায়েন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছোঁ।’

Leave a Comment