নিউজ ডেস্কঃ বিয়াত উপহাৰ হিচাপে লাভ কৰা এটা পুতলা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হ’ল দৰাসহ দুজন লোক। বিয়াৰ পিছদিনা পৰিয়ালৰ সন্মুখত বিয়াত লাভ কৰা উপহাৰসমূহ এটা এটাকৈ খুলি থকাৰ সময়তে সংঘটিত হয় বিস্ফোৰণটো।
এই ঘটনা সংঘটিত হৈছে গুজৰাটত। জানিব পৰা মতে, মঙলবাৰে পুৱা দক্ষিণ গুজৰাটৰ নৱসাৰী জিলাৰ মিন্দাৱাৰী গাঁৱত সংঘটিত বিস্ফোৰণত আহত হয় নৱ বিবাহিত লতেশ আৰু তেওঁৰ ভতিজা জিয়ান।

বাতৰি অনুসৰি, সোমবাৰে বিবাহ সম্পন্ন হৈছিল লতেশৰ। বিয়াত বিভিন্নজনে দিয়া উপহাৰসমূহ পিছদিনা অৰ্থাৎ মঙলবাৰে পুৱা পৰিয়ালৰ সদস্যসকলৰ লগত বহি এটা এটাকৈ খুলি আছিল লতেশে।
সেই সময়তে উপহাৰ হিচাপে পোৱা এটা ৰিজাৰ্চেবল পুতলা খুলি পুতলাটো ৰিচাৰ্জ কৰিবলৈ চেষ্টা কৰোতেই বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণৰ ফলত লতেশে বাহু, চকু আৰু মূৰত গুৰুতৰভাৱে আঘাত পায়। আনকি আঘাতৰ বাবে তেওঁৰ সোঁহাতখন মনিবন্ধনৰ পৰা কাাটি পেলাবলগীয়া হয়। লতেশৰ ভতিজা জিয়ানেও ডিঙি, হাতত গুৰুতৰভাৱে আঘাত পায়।
পৰিয়ালে জানিবলৈ দিয়া মতে, কইনাৰ জ্যেষ্ঠ ভগ্নীৰ প্ৰাক্তন প্ৰেমিক কোৱাম্বাৰ বাসিন্দা ৰাজু পেটেল নামৰ যুৱকজনে বিয়াত উপহাৰ দিছিল বিস্ফোৰণ ঘটা পুতলাটো। যুৱকজনে প্ৰতিশোধমূলকভাৱে এই বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ কৰিছে লতেশৰ পৰিয়ালে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাঁচদা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।









