জ্বলন্ত আগ্নেয়গিৰিৰ ওপৰৰ ৰছীত খালী ভৰিৰে খোজ কাঢ়ি বিশ্ব অভিলেখ দুই যুৱকৰ, চাওক ভিডিঅ’

নিউজ ডেস্কঃ জ্বলন্ত আগ্নেয়গিৰিৰ ওপৰত ৰছীৰে খালী ভৰিৰে খোজ কাঢ়ি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল দুই দুঃসাহসিক যুৱকে। আগ্নেয়গিৰিৰ ওপৰত ৰছীৰ সহায়ত আটাইতকৈ দীঘলীয়া স্কেকলাইন খোজ কঢ়াৰ অভিলেখ ৰচে ৰাফেল জুগনো ব্ৰীডি আৰু আলেকজেণ্ডাৰ শ্বাল্টজ নামৰ যুৱক দুজনে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুই যুৱকৰ এই দুঃসাহসিক কাৰ্যৰ ভিডিঅ’।

ভিডিঅ’টোত ৰাফেল আৰু আলেকজেণ্ডাৰক আগ্নেয়গিৰিটোৰ এটা চুকৰ পৰা ২৬১ মিটাৰ (৮৫৬ ফুট) ওপৰলৈ ৰছীৰে খালী ভৰিৰে খোজ কাঢ়ি যোৱা দেখা গৈছে। ভিডিঅ’টো প্ৰশান্ত মহাসাগৰৰ টান্না দ্বীপৰ য়াছাৰ আগ্নেয়গিৰিৰ।

ক্লিপটোত দুয়োজনেই হেলমেট আৰু গেছ মাস্ক পিন্ধি ৰছীৰে খোজ কাঢ়ি গৈ আছে। পিছফালৰ পৰা বিস্ফোৰণ ঘটিছে আগ্নেয়গিৰিটো। ইয়াৰ পিছতো দুয়োজনে নিৰ্বিঘ্নে আগবাঢ়িছে সন্মুখলৈ।

বিশ্ব অভিলেখ সৃষ্টিৰ পিছত ৰাফেলে সেই মুহূৰ্তৰ চিত্ৰ সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে, ”এটা সপোন বাস্তৱায়িত কৰিবলৈ কিমান কষ্টৰ প্ৰয়োজন, সেয়া এই ছবিখনেই প্ৰমাণ। মোৰ বাবে ভাৰসাম্য ৰক্ষা কৰাটো সহজ নাছিল। বন্ধুসকল আৰু আলেকজেণ্ডাৰলৈ ধন্যবাদ।’’