দেশৰ ১০খন কলেজৰ ভিতৰত স্থান লাভ বি বৰুৱা মহাবিদ্যালয়ৰ, ৰাষ্ট্ৰীয় এনএছএছ বঁটা লাভ…

দেশৰ ১০ কলেজৰ ভিতৰত স্থান লাভ বি বৰুৱা মহাবিদ্যালয়ৰ।

ৰাষ্ট্ৰীয় এনএছএছ বঁটা লাভ বি বৰুৱা মহাবিদ্যালয়ৰ।

ৰাষ্ট্ৰীয় এন এছ এছ দিৱস উপলক্ষে দেশৰ দুখন বিশ্ববিদ্যালয় আৰু দহখন মহাবিদ্যালয়ক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মূৱে প্ৰদান কৰে ‘ৰাষ্ট্ৰীয় এন এছ এছ’ বঁটা।

অসমৰ বি বৰুৱা মহাবিদ্যালয়ৰ এন এছ এছ ইউনিটে এইবাৰ দেশৰ দহখন মহাবিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।

বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বৰ্মন আৰু বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰগ্ৰাম বিষয়া ড° সত্যব্রত বৰুৱাই ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মূৰ পৰা এই বঁটা গ্ৰহণ কৰে।

বঁটাৰ লগতে এখন মানপত্ৰ আৰু দুই লাখ টকাৰ পুৰস্কাৰো বি বৰুৱা মহাবিদ্যালয়ে লাভ কৰে।

এই সফলতাৰ বাবে বি বৰুৱা মহাবিদ্যালয়ৰ পৰিয়াল আৰু এন এছ এছৰ সদস্যসকলক অভিনন্দন জনায় দুয়োগৰাকীয়ে।