মহালয়াৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা! আলট্ৰা বাছ, এল্টো আৰু মাৰুতি ভানৰ সংঘৰ্ষত কেইবাজনো আহত

মহলয়াৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা।

আট্ৰ বাছ, এল্টো আৰু মাৰুতি ভানৰ সংঘৰ্ষত কেইবাজনো আহত।

শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাতিপুৱাই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰামতে, খনামুখৰ সমীপৰ ৰে’লগেটৰ ওচৰত লখিমপুৰৰ পৰা তেজপুৰ অভিমুখী AS12 BC2123 নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছখনে অতিক্ৰম কৰিবলৈ লওঁতে একে দিশত গৈ থকা AS12L 6428 নম্বৰৰ ALTO K10 বাহনখনক পিছফালৰ পৰা খুন্দিয়াই পলায়ন কৰোঁতে বিপৰীত দিশৰ পৰা অহা AS01DY8332 নম্বৰৰ মৰুতি ভানখনক প্ৰচণ্ড জোৰে মুখামুখীকৈ খুন্দা মাৰে।

ফলত এল্ট’ বাহনখন পথৰ দাঁতিত থকা এটা পুখুৰীত সোমাই পৰে।

দুৰ্ঘটনাটোত মাৰুতি ভানখনৰ চালকজন গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, তিনিওখন বাহনৰে কেইবাজনো যাত্ৰীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।