জল্পনাৰ অৱসান! আস্থা ভোটত জয়ী হৈ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ শিণ্ডে

নিউজ ডেস্কঃ সুদীৰ্ঘ দিনৰ পিছত অৱশেষত অৱসান ঘটিল মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ সমস্ত জল্পনা কল্পনাৰ। সোমবাৰে আস্থা ভোটত জয়ী হৈ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হ’ল শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ শিণ্ডে।

মহাৰাষ্ট্ৰৰ বিধানসভা অনুষ্ঠিত আস্থা ভোটত শিণ্ডেয়ে বিজেপি, শিৱসেৱা, নিৰ্দলী বিধায়কসকলৰ উপৰিও উদ্ধৱ ঠাকৰে শিৱিৰৰ বিধায়ক সন্তোষ বাংগাৰ আৰু পিডব্লিউপিআইৰ বিধায়ক শ্যামসুন্দৰ সিন্দেৰ ভোট লাভ কৰি নতুন চৰকাৰৰ গঠনৰ পথ মুকলি কৰে।

এই আস্থা ভোটত জয়লাভে শিণ্ডে নেতৃত্বাধীন নতুন চৰকাৰৰ স্থিৰতাৰ সূচনা কৰিব আৰু লগতে দলটোৰ ওপৰত শিৱসেনাৰ প্ৰধানৰ অধিকাৰ সম্পৰ্কে নতুন প্ৰশ্নৰ অৱতাৰণা কৰিব।

উল্লেখ্য যে, ৩ জুলাইত একনাথ শিণ্ডে নেতৃত্বাধীন চৰকাৰৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য স্বৰূপে বিজেপিৰ ৰাহুল নাৰৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে সোমবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত শিণ্ডেয়ে ১৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে ১০৭ জন বিধায়কে মহাবিকাশ আঘাড়ীৰ প্ৰাৰ্থী ৰাজেন চালভীৰ সপক্ষে ভোট প্ৰদান কৰে।

image 34
জল্পনাৰ অৱসান! আস্থা ভোটত জয়ী হৈ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ শিণ্ডে 2

উদ্ধৱ ঠাকৰে শিবিৰৰ বাবে আন এক বিফলতা হিচাপে নাৰৱেকাৰে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকে শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে পুনৰ ঘোষণা কৰে আৰু সুনীল প্ৰভুৰ ঠাইত ভাৰত গোগাৱালেক দলৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিয়ে।

মহাৰাষ্ট্ৰ বিধান সভাত এই অবাঞ্চিত পৰিস্থিতিৰ পৰা বিৰত থাকিবলৈকে ঠাকৰে শিবিৰে পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে পুনৰস্থাপন আৰু গোগাৱালেক মুখ্য হুইপ হিচাপে নৱনিৰ্বাচিত অধ্যক্ষ ৰাহুল নাৰৱেকাৰে নিযুক্ত কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনায়।

জ্যেষ্ঠ অধিবক্তা আৰু কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভিয়ে ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ অৱকাশকালীন বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উল্লেখ কৰে।

ইফালে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক বৃহৎ জনাদেশৰ সৈতে আস্থা ভোটত জয়ী হোৱাৰ বাবে অভিনন্দন জনাইছে।