ধৰ্ষণৰ অভিযুক্তৰ গোচৰ নিষ্পত্তিৰ বাবদ ধন দাবী কৰি বিপদত কনিষ্টবল, অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্কঃ নগাঁও আৰক্ষীত পুনৰ এবাৰ কালিমা সনা কনিষ্টবল ৰেৱ লস্কৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষী অধীক্ষকে। অভিযুক্তৰ পৰা গোচৰ নিষ্পত্তিৰ নামত ধন দাবী কৰাৰ এটা অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ইটাচালী আৰক্ষী থানাৰ কনিষ্টবল ৰেৱ লস্কৰক।

উল্লেখ্য যে, দেওবাৰে এক সংবাদমেলত কনিষ্টবল ৰেৱ লস্কৰৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন কৰিছিল ধৰ্ষণৰ অভিযোগত অভিযুক্ত ৰাজু হাজৰিকা নামৰ এজন যুৱকে।

নগাঁৱৰ নতুন বজাৰৰ নিৱাসী, এটা মটৰ গেৰেজত কৰ্মৰত ৰাজু হাজৰিকা নামৰ ধৰ্ষণৰ অভিযুক্তজনে গোচৰ নিষ্পত্তিৰ বাবদ ৰেৱ লস্কৰে ৫০ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। এই ধন দাবীৰ সময়ত কনিষ্টবলজনে নগাঁৱৰ আৰক্ষী অধীক্ষকৰো নাম লোৱাৰ অভিযোগ উত্থাপন হৈছে।

photo1656913735
ধৰ্ষণৰ অভিযুক্তৰ গোচৰ নিষ্পত্তিৰ বাবদ ধন দাবী কৰি বিপদত কনিষ্টবল, অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ 2

ঘটনাৰ বিৱৰণী অনুসৰি, ৰাজু হাজৰিকাৰ প্ৰেয়সীৰ পিতৃয়ে ইটাচালী টাউন আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে তৰিছিল ধৰ্ষণৰ গোচৰ। এই গোচৰ একেবাৰে নিষ্পত্তি কৰাৰ বাবদ থানাখনৰ কনিষ্টবল ৰেৱ লস্কৰে বিচাৰিছিল ৫০ হাজাৰ টকা। ইয়াৰে আগধন হিচাপে প্ৰথমে বিচাৰিছিল ১০ হাজাৰ টকা।

ইফালে ধৰ্ষণৰ অভিযুক্ত ৰাজু হাজৰিকাৰ সৈতে কনিষ্টবল ৰেৱ লস্কৰৰ কথোপকথনৰ কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে নগাঁও আৰক্ষীক লৈ পুনৰ এবাৰ আৰম্ভ হৈছিল চৰ্চা। তাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হয় কনিষ্টবল ৰেৱ লস্কৰক।

উল্লেখ্য যে, বিগত এটা মাহত নগাঁও আৰক্ষীৰ ৩ গৰাকীকৈ বিষয়াৰ নিলম্বনে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষী অধীক্ষক লীনা দলেয়ে যিমানেই আৰক্ষী বিষয়া, কৰ্মচাৰীক দুৰ্নীতিৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰি দিছে, সিমানেই জিলাখনৰ আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ ওপৰত লগা কলংকৰ দাগে চিন্তিত কৰিছে সচেতন মহলকো।