১৮ জুনৰ পৰা সন্ধানহীন জুপিতৰা, নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহত পৰিয়ালত হাহাকাৰ

এক চাঞ্চল্যকৰ ঘটনা।

১৮ জুনৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী যুৱতী।

সন্ধানহীন যুৱতীগৰাকী কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছাটাবাৰীগাঁৱৰ জুপিতৰা দাস।

বিমল দাস আৰু বিনীতা দাসৰ একমাত্ৰ সন্তান জুপিতৰা দাসে ১৮ জুনৰ পৰা সন্ধানহীন হৈ আছে।

বহু বিচাৰ খোচাৰ কৰিও এই পৰ্যন্ত পৰিয়ালৰ লোকে কোনো সন্ধান উলিয়াব পৰা নাই জুপিতৰাৰ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ১৯ জুনত পিতৃ বিমল দাসে জামবাৰী আৰক্ষী চকীত লিখিত ভাবে জনাইছে।

লগতে কোনো সদাশয় লোকে জুপিতৰাৰ সন্ধান পালে ৯৩৬৫৫-১৯১৫৮ মোবাইল নম্বৰ নাইবা ওচৰৰ আৰক্ষী থানাত জনাবলৈ অনুৰোধ জনাইছে পিতৃয়ে।

উল্লেখ্য যে, ইয়াৰ আগতে যোৱা ৯ জুনত যুৱতীগৰাকীয়ে সন্ধানহীন হৈছিল বুলি সূত্ৰ এটাই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে দাবী কৰা মতে উত্তৰপ্ৰদেশৰ লোক এগৰাকীৰ সৈতে গুৱাহাটী ৰে’ল ষ্টেচনত সন্দেহজনক অৱস্থাত ইফাল-সিফাল কৰি থাকোতে ৰে’ল সুৰক্ষা বাহিনীয়ে জোৰ-জুলুমকৈ যুৱতীগৰাকীকক ঘৰলৈ পঠিয়াই দিছিল।

জুপিতৰাৰ পিতৃ-মাতৃয়ে সেই অচিনাক্ত লোকগৰাকী নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত লোক বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু সেই লোকজনৰ পাকচক্ৰত পৰি বহি:ৰাজ্যলৈ যোৱা বুলি আতংকিত হৈছে পৰিয়ালবৰ্গ।