ছোনীয়া গান্ধীলৈ EDৰ চমন! গুৱাহাটীত উত্তাল প্ৰতিবাদ যুৱ কংগ্ৰেছৰ

নিউজ ডেস্কঃ ৰাহুল গান্ধীৰ পিছত আজি মানী লণ্ডাৰিং গোছৰত কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীক সোধাপোছা কৰে ইডিয়ে। ছোনীয়া গান্ধীক ইডিয়ে চমন জাৰি কৰাৰ পিছত বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছৰ অধ্যক্ষা গৰাকী। তাৰ পিছতে ছোনায়ী গান্ধীক সোধাপোছা চলায় তদন্তকাৰী সংস্থাটোৱে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই গোচৰত ইডিয়ে ছোনীয়া গান্ধীলৈ চমন জাৰি কৰিছিল যদিও সেই সময়ত কোভিডত আক্ৰান্ত হৈ থকাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব পৰা নাছিল গান্ধী।

ইফালে ছোনীয়া গান্ধীক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চমন জাৰি কৰাৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। দিল্লীৰ সংসদ ভৱনৰ সন্মুখৰ লগতে অসমতো ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে।

যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত ছোনীয়া গান্ধীক ইডিয়ে চমন জাৰি কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদত উত্তাল কৰি তোলে প্ৰদেশ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে। সেই সময়ত প্ৰতিবাদত বাধা দিবলৈ চেষ্টা কৰা নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৰাজপথত শুই ক্ষোভ প্ৰদৰ্শন কৰে অংকিতা দত্তই।

হাতত কংগ্ৰেছৰ পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰা অংকিতা দত্ত আৰু আন প্ৰতিবাদকাৰীক পৰৱৰ্তী সময়ত আটক কৰে আৰক্ষীয়ে।