বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ৰহস্যজনক মৃত্যু, ফ্লেটত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্কঃ এক ৰহস্যজনক পৰিস্থিতিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ পশ্চিমবংগত। বুধবাৰে আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ সহকাৰী উপাচাৰ্য স্যমন্তক দাসৰ মৃতদেহ নিজ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

উপাচাৰ্য গৰাকীৰ মৃত্যু হত্যা নে আত্মহত্যা তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, স্যমন্তক দাসে পৰিয়ালৰ সৈতে ৰিজেন্ট পাৰ্ক আৰক্ষী থানাৰ অন্তৰ্গত ৰিজেন্ট পাৰ্কত থকা চৰকাৰী আৱাস গৃহত বাস কৰি আছিল। তেওঁ বুধবাৰে পুৱাৰে পৰা ঘৰতে আছিল। দীৰ্ঘ সময় ধৰি কোঠাৰ ভিতৰত থকা দেখি কাম কৰা মহিলা গৰাকীয়ে দুৱাৰত টোকৰ মাৰিছিৰ যদিও কোনো সঁহাৰি পোৱা নাছিল।

jadavpur
বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ৰহস্যজনক মৃত্যু, ফ্লেটত উদ্ধাৰ মৃতদেহ 2

উপায় নাপাই তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীক কথাটো অৱগত কৰে। খবৰ পোৱাৰ লগে লগে এটা বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ দুৱাৰ ভাঙি কোঠাটোত প্ৰৱেশ কৰে আৰু কোঠাটোৰ এখন চিলিং ফেনত ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰে।

মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে এম আৰ বাংগুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এইটো আত্মহত্যাৰ ঘটনা বুলিয়ে ভাবিলেও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাতত নপৰালৈকে অনুসন্ধানকাৰী সকলে এই বিষয়ে স্পষ্টকৈ উল্লেখ কৰা নাই ।

জানিব পৰা মতে তেওঁ কেইবাদিনো ধৰি কোনো অজ্ঞাত পাৰিবাৰিক সমস্যাত ভূগি মানসিকভাৱে হতাশাগ্ৰস্থ হৈ আছিল স্যমন্তক দাস।

৫৬ বছৰীয়া স‍্যমন্তক দাসক যোৱা বছৰ ছেপ্টেম্বৰত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল। শিক্ষাৰ্থীসকলৰ সৈতে তেওঁৰ অতি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল বুলিও সকলোৱে অৱগত কৰিছে। অধ্যাপকজনৰ এনে ৰহস্যজনক মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই তেওঁৰ ছাত্র-ছাত্ৰী সকলে।