অসম

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ বাবে ৰাজ্যত উন্নয়ণৰ কাম কিছু পলম হ’বঃ স্বাস্থ্যমন্ত্ৰী…

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ বাবে ৰাজ্যত উন্নয়ণৰ কাম কিছু পলম হ’ব।

এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

শনিবাৰে কলিয়াবৰৰ মিছা মিলন সংঘত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকলক চেক বিতৰণ কৰে।

পশ্চিম কলিয়াবৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত প্ৰায় তিনি হাজাৰ আৰু কলিয়াবৰ উন্নয়ণ খণ্ডৰ অধীনত প্ৰায় তিনি হাজাৰৰো অধিক মহিলাক চেক প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়- মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকলক ঋণমুক্ত কৰিবলৈ প্ৰায় বাৰ হাজাৰ কোটি টকা পৰিশোধ কৰিব লাগিব। এই বাৰ হাজাৰ কোটি টকা প্ৰদান কৰোতে উন্নয়ণ কিছু পলম হ’ব। কিয়নো এই বাৰ হাজাৰ কোটি টকাটো ৰাইজৰ উন্নয়ণৰে টকা।

স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ৰাইজৰ উন্নয়ণৰে টকাৰে মাইক্ৰফাইনেঞ্চৰ ঋণ পৰিশোধ কৰি উন্নয়ন স্থবিৰ কৰাটো কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে একাংশই।

Leave a Reply

Your email address will not be published. Required fields are marked *