অসমীয়াঅসম

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি আৰক্ষী অধীক্ষকলৈ মেইল প্ৰেৰণ! গ্ৰেপ্তাৰ অধ্যাপক

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশালীন মন্তব্য আৰু চৰকাৰী বিদ্যালয়ৰ গুণোৎসৱক সমালোচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী অধ্যাপকক।

হাইলাকান্দি জিলাৰ শ্ৰীকিষাণ সাৰদা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জমিৰ আহমেদ চৌধুৰীক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা আৰু চৰকাৰী বিদ্যালয়ৰ গুণোৎসৱক সমালোচনা কৰাৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

photo1653205892

অধ্যাপকজনৰ বিৰুদ্ধে থকা অভিযোগ অনুসৰি, গুণোৎসৱৰ সমালোচনা কৰি তেওঁ হাইলাকান্দিৰ আৰক্ষী অধীক্ষকৰ লগতে অন্যান্য চৰকাৰী বিষয়াসকললৈ একেধৰণৰ এটা মেইল প্ৰেৰণ কৰিছিল। আনহাতে অধ্যাপক গৰাকীয়ে এই মেইলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে অশালীন শব্দ ব্যৱহাৰ কৰিছিল।

যাৰ বাবে অধ্যাপক জমীৰ আহমেদ চৌধুৰীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি শনিবাৰে গ্ৰেপ্তাৰ কৰে।

হাইলাকান্দি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম্পী দাওলাগুপুয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে অধ্যাপকজনক এই সন্দৰ্ভত সোধাপোছা চলোৱা হৈছিল। তাৰ পিছতে শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *