চৰম পৰ্যায়ত সংঘাত! মুখ্যমন্ত্ৰীয়ে ব্লক কৰিলে ৰাজ্যপালৰ টুইটাৰ একাউণ্ট…

পশ্চিমবংগত ৰাজনৈতিক সংঘাতে পাইছে চৰম পৰ্যায়।

মুখ্যমন্ত্ৰীয়ে ব্লক কৰিলে ৰাজ্যপালৰ টুইটাৰ একাউণ্ট।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনখৰৰ মাজৰ সংঘাত নতুন নহয়।

কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে তেওঁৰ টুইটাৰ একাউণ্টত ৰাজ্যপালগৰাকীক ‘ব্লক’ কৰা বুলি জানিব পৰা গৈছে।

যি বিষয়টোৱে সম্প্ৰতি ৰাজ্যখনৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।

মমতা বেনাৰ্জীয়ে কয়- ‘মই ৰাজ্যপাল জগদীপ ধনখাড়ক টুইটাৰত ব্লক কৰিবলৈ বাধ্য হৈছো। প্ৰতিদিনে তেওঁ চৰকাৰী বিষয়াসকলক লক্ষ্য কৰি টুইট কৰে আৰু ভাবুকি দিয়ে যেন আমি তেওঁৰ বন্ধকী শ্ৰমিক।’

উল্লেখ্য যে, পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন বিষয়ক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰি আহিছে ধনখাড়ে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটও গুৰুতৰ অভিযোগ।

তেওঁ কয় যে, ৰাজ্যপালৰ টুইট বোৰে তেওঁৰ অশান্তিৰ সৃষ্টি কৰে। সেয়েহে ৰাজ্যপালৰ টুইটাৰ একাউণ্ট ব্লক কৰিছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অভিযোগ যে, বংগৰ ৰাজ্যপাল জগদীপ ধনখৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ভাবুকি দি আহিছে।

ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত শেহতীয়াকৈ হোৱা সংঘাতৰ প্ৰভাৱ গণতন্ত্ৰ দিৱস উদযাপনত দেখা গৈছিল। মমতা বেনাৰ্জীয়ে সেই অনুষ্ঠানত ৰাজ্যপালগৰাকীক শুভেচ্ছা জনাইছিল যদিও তেওঁৰ দেহত ৰাজ্যাপলগৰাকীৰ প্ৰতি থকা বিৰাগ ভাৱ স্পষ্টকৈ প্ৰকাশ পাইছিল।

শেহতীয়াকৈ ৰাজ্যপালগৰাকীয়ে, মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষই একাধিক বিষয়ত তেওঁক বিচৰা তথ্য প্ৰদান নকৰি সাংবিধানিক নিয়মসমূহ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে ২৫ জানুৱাৰিত বিধানসভা চৌহদত বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বৰ্তমান বেংগলৰ ৰাজনৈতিক পৰিৱেশ ‘ভয়ংকৰ আৰু ভয়াৱহ’ বুলি বৰ্ণনা কৰিছিল।

Leave a Comment