ৰাষ্ট্ৰীয়

আজি বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট, কি কি থাকিব বাজেটত…?

আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট।

এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থ খন বাজেট।

এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিব সংসদত।

বাজেটৰ পূৰ্বে সংসদত দাখিল কৰা হ’ব আগন্তুক বিত্তীয় বৰ্ষৰ বাবে অৰ্থনৈতিক সমীক্ষা।

দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮ৰ পৰা ৮.৫ শতাশ হ’ব বুলি পূৰ্বানুমান।

এইবাৰৰ বাজেটত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ ক্ষেত্ৰতো কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

ইফালে দেশৰ ৫খন ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে এই বাজেট চৰকাৰে দাখিল কৰিব বুলি বিৰোধীয়ে দাবী কৰিছে।

এইবাৰৰ বাজেটত আয়কৰৰ ক্ষেত্ৰতো স্লেপ বৃদ্ধিৰ আশংকা আছে। পূৰ্বে আয়কৰৰ ক্ষেত্ৰত নূন্যতম স্লেপ আছিল ৫লাখ।

গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰতো আজিৰ এই বাজেটত অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা আছে।

দিনৰ ১১ বজাত লোকসভাত দাখিল কৰিব বাজেট।

Leave a Reply

Your email address will not be published. Required fields are marked *