ভূপেন বৰাৰ কবিতাৰ সৈতে কি সম্পৰ্ক মিষ্টাৰ ৰাজকুমাৰৰ? ক’লে বিধায়ক জয়ন্ত মল্ল বৰুৱাই…

নিউজ ডেস্ক। ৰাজ্যত এতিয়া চৰ্চাৰ বিষয় কি? নগাঁও কাণ্ড? মূল্যবৃদ্ধি? নিবনুৱা সমস্যা? মুঠেও নহয়। ৰাজ্যত এতিয়া একমাত্ৰ চৰ্চাৰ বিষয়টো হৈ ভূপেন বৰাৰ কবিতা।

ৰাজনীতিৰ পথাৰত থাকি ‘কবি’ হোৱাৰ মন মেলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰচনা কৰা এটা কবিতাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

চৰকাৰ তথা মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি লিখা এই কবিতাটো ইতিমধ্যে পাঠ কৰি ভিডিঅ’ আকাৰে সামাজিক মাধ্যমত এৰি দিছে গীতিকাৰ অজয় ফুকনে।

APCC-president-Bhupen-Borah-addressing-press-conference-at-Rajiv-Bhawan-in-Guwahati-on-03-01-22-Pix-

“মই ফায়াৰ ব্ৰিগেড হম” শীৰ্ষক কবিতাটোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। বহু সংবাদ প্ৰতিষ্ঠানেও কবিতাটো সন্দৰ্ভত প্ৰকাশ কৰিছে বাতৰি।

তাৰ পিছতে কংগ্ৰেছ আৰু ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক। ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই এই কবিতাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এয়া পৰ্যন্ত কৈছিল যে কংগ্ৰেছৰ ৮০ শতাংশই চোৰ-ডকাইত। ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড আখ্যা দিছিল মন্ত্ৰীজনে।

এইবাৰ আকৌ কংগ্ৰেছ আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই।

অসমত ৰাজকুমাৰ যিদৰে হিট, সেইদৰে ভূপেন বৰাৰ কবিতা হিট বুলি টুলুঙা মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া। বৰ্তমান পৰিস্থিতিত প্ৰাসংগিক হৈ থাকিব বিচাৰিয়েই ভূপেন বৰাই কবিতা লিখা বুলি মন্তব্য কৰিলে বিধায়কজনে।

Jayanta-Malla-Baruah-Chairman-ATDC-Ltd-addressing-media-peoples-at-Guwahati-regarding-65th-Filmfare-

কেৱল এয়াই নহয়, সংবাদ মাধ্যমৰ সন্মুখত এজন “কবিতা সমালোচক”ৰ ভূমিকাও পালন কৰা দেখা গ’ল জয়ন্ত মল্ল বৰুৱাক। ভূপেন বৰাৰ কবিতাত ছন্দ-লয়ৰ মিল নাই বুলি মন্তব্য কৰি দুটামান শব্দ একলগ কৰিলেই কবিতা নহয় বুলিও নিজৰ অভিমত ব্যক্ত কৰিলে বহুবল্কী বিধায়কজনে।

তেওঁ ক’লে- “অসমত ৰাজকুমাৰ হিট। কিন্তু কিয় হিট সেয়া কোনেও নাজানে। সেইদৰে ভূপেন বৰাৰ কবিতাও হিট। কিন্তু কিয় হিট কোনেও নাজানে।”

22

আনহাতে সতীৰ্থ মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্রেছক লৈ কৰা মন্তব্যৰে আঁত ধৰি জয়ন্ত মল্ল বৰুৱাই ক’লে যে আজি কংগ্ৰেছত অসমৰ খিলঞ্জীয়া আৰু ভাৰতৰ মূল সুঁতিক সমৰ্থন নকৰা লোক আৰু বিভিন্ন কাৰণত আন দলে ল’ব নিবিচৰা লোকসকলহে ৰৈ গৈছে। বাকী আন কোনো লোক কংগ্ৰেছত নাই। কংগ্ৰেছ এতিয়া বন্ধ হোৱাৰ পথত।

লক্ষণীয়ভাৱে কংগ্ৰেছ আৰু ভূপেন বৰাৰ সমালোচনাত সৰৱ হৈ পৰা বৰ্তমান বিজেপিৰ বহুবল্কী নেতা পিযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা দুয়োজনেই কংগ্ৰেছৰ পৰা এদিন গৈ গেৰুৱা বসন পিন্ধিছিল।

লগতে চাওকঃ

অসমত এনকাউণ্টাৰ চলা নাই, আৰক্ষীৰ ‘একশ্যন’ চলিছেঃ আৰক্ষী সঞ্চালকপ্ৰধানৰ

photo-2022-01-31-19-51-40

সৰস্বতী পূজাত নাথাকে কােনাে বিশেষ SOP, ঘােষণা স্বাস্থ্যমন্ত্ৰীৰ

G9-2

Leave a Comment