চৰণেহে জানে মৰণৰ ঠাই! ফটো তুলি থাকোঁতেই এইদৰে আকস্মিক মৃত্যুক সাৱটিলে এজন যুৱকে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ জন্ম, মৃত্যু আৰু বিবাহ ,এই তিনিটা বস্তু মানুহৰ জীৱনলৈ কোন সময়ত কেনেকৈ আহে কোনেও ক’ব নোৱাৰে। ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰত সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনাই এই কথাকেই পুনৰ প্ৰতীয়মান কৰিছে।

জয়পুৰৰ জগতপুৰা অঞ্চলত এটা মন্দিৰৰ স্তম্ভ গাত বাগৰি পৰাৰ ফলত ফটো উঠি থকা এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু ঘটে।

ঘটনাটোৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পিছতেই ব‍্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। ঘটনাটো সংঘটিত হৈছিল জগতপুৰাৰ অক্ষয় পাত্ৰ মন্দিৰৰ বাহিৰত।

man died into the minner
চৰণেহে জানে মৰণৰ ঠাই! ফটো তুলি থাকোঁতেই এইদৰে আকস্মিক মৃত্যুক সাৱটিলে এজন যুৱকে, ভাইৰেল ভিডিঅ’ 3

প্ৰাপ্ত তথ্য অনুসৰি, বান্দিকুইৰ বাসিন্দা মৃত যুৱকজন বন্ধুৰ সৈতে অক্ষয় পাত্ৰ মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল।

যুৱকজনে মন্দিৰৰ বাহিৰত স্তম্ভৰ তলত থিয় হৈ ফটো তুলি থাঁকোতেই স্তম্ভটো হঠাতে তেওঁৰ ওপৰত বাগৰি পৰে। যাৰ ফলত থিতাতে মৃত্যুক সাৱটি লয় ৩২ বৰ্ষীয় যুৱকজনে। মৃত যুৱকজনক দেৱব্ৰিত বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোৰ পিছত পোহৰলৈ অহা চিচিটিভি ফুটেজত যুৱকজনক স্তম্ভটোৰ ওচৰত থিয় হৈ ফটো তুলি থকা দেখা গৈছে। তেতিয়াই স্তম্ভটো বাগৰি পৰিবলৈ ধৰে।

যুৱকজনে এই বিষয়ে গম পাই স্তম্ভটোৰ তলৰ পৰা আঁতৰি দূৰলৈ যোৱাৰ চেষ্টা চলায় যদিও তেতিয়ালৈকে যেন বহু পলম হৈ গৈছিল।

স্তম্ভটো তেওঁৰ গাৰ ওপৰত বাগৰি পৰাত ঘটনাস্থলীতে মৃত্যু ঘটে যুৱকজনৰ। চিচিটিভিৰ ফুটেজত যুৱকজনে নিজক বচাবলৈ আপ্ৰাণ চেষ্টা কৰি থকা দেখা যায় যদিও অৱশেষত মৃত্যুৰ ওচৰত তেওঁ হাৰ মানে।

মৃত যুৱকজনৰ বন্ধু ভূপেন্দ্ৰই জানিবলৈ দিয়া মতে, শনিবাৰে দেৱব্ৰিতে বন্ধু ভূপেন্দ্ৰৰ সৈতে জয়পুৰলৈ আহিছিল। এই সময়ছোৱাত, তেওঁলোকে জগতপুৰাৰ অক্ষয় পাত্ৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল।

এই সময়তে দেৱব্ৰিতে তেওঁৰ এখন ফটো তুলিবলৈ অনুৰোধ কৰিছিল বন্ধুক।

লগতে চাওকঃ

হায়ৰে মানৱতা! কোচ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃত্যুৰ পিছতো গাঁওবাসীয়ে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ মৃতদেহ, নৈৰ পাৰত পুতি থ’বলগীয়া হ’ল পত্নীয়ে

photo 2022 08 12 11 23 59 1
চৰণেহে জানে মৰণৰ ঠাই! ফটো তুলি থাকোঁতেই এইদৰে আকস্মিক মৃত্যুক সাৱটিলে এজন যুৱকে, ভাইৰেল ভিডিঅ’ 4