উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ আবকৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকন…

ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী।

শেহতীয়াকৈ ঘোচ লৈ বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া।

গোলাঘাট জিলাৰ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত অভিযান চলাই বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকৰী বিভাগৰ কাৰ্যালয় সহায়কক।

image 83
উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ আবকৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকন... 2

ঘোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ হয় বোকাখাত মহকুমা আবকৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকন।

উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকে।

বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতেলোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই ৷