আৰক্ষীৰ অভিযানত জব্দ হাজাৰ বছৰ পুৰণি মহা মূল্যবান প্ৰাচীন মূৰ্তি

নিউজ ডেস্কঃ তামিলনাডু থাঞ্জাভুৰ জিলাৰ স্বামীমালাইৰ এটা গোপন স্থানত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ ৮ টাকৈ মূল‍্যবান মূৰ্তি। ইয়াৰ ভিতৰত ৫টা মূৰ্তি কমেও ১,০০০ বছৰ পুৰণি বুলি জানিব পৰা গৈছে।

এই মূৰ্তি সমূহৰ ভিতৰত ২০০ কিলোগ্ৰাম ওজনৰ দেৱী ভোগাশক্তিৰ সুন্দৰভাৱে খোদিত মূৰ্তি, বহা আৰু থিয় হৈ থকা ভঙ্গীত থকা বুদ্ধৰ মূৰ্তি, তথা অণ্ডাল আৰু ভগৱান বিষ্ণুৰ একোটাকৈ প্ৰাচীন মূৰ্তি আছে।

image 84
আৰক্ষীৰ অভিযানত জব্দ হাজাৰ বছৰ পুৰণি মহা মূল্যবান প্ৰাচীন মূৰ্তি 2

এই সকলোবোৰ ১,০০০ বছৰতকৈও অধিক পুৰণি ধাৰণা কৰা হৈছে। তদুপৰি নটৰাজৰ মূৰ্তিটো প্ৰায় ১০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। দেৱী শিৱকামী আৰু ৰমনা মহৰ্ষিৰ দুটা মূৰ্তিও অভিযানৰ সময়ত জব্দ কৰা হৈছে।

জব্দ কৰা মূৰ্তিবোৰৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত কেইবা কোটি টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, শিৱকাঞ্চিৰ প্ৰাচীন মূৰ্তি চুৰি গোচৰৰ অভিযুক্ত জি মাচিলামণিৰ কোডাম্বক্কামৰ বাসগৃহত চলোৱা এক অভিযানৰ পিছতে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি স্বামীমালাইত অভিযান চলায়। এই অভিযানতে যোৱা ৯ আগষ্টত আৰক্ষীৰ হাতত লাগে মহা মূল্যৱান হাজাৰ বছৰ পুৰণি মূৰ্তি কেইটা।

এগৰাকী উচ্চ পদস্থ বিষয়াই কয় মালিকীস্বত্ব প্ৰমাণ কৰিবলৈ কোনো তথ্য প্ৰমাণ নথকাৰ বাবেই মূৰ্তিসমূহ গোপন কক্ষত লুকুৱাই থোৱা হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।