ৰাষ্ট্ৰীয়

চৰকাৰৰ গাফিলতিৰ বাবে দেশত ৪০লাখ লোকৰ ক’ভিডত মৃত্যু হৈছেঃ ৰাহুল গান্ধী…

চৰকাৰৰ গাফিলতিৰ বাবে দেশত ৪০লাখ লোকৰ ক’ভিডত মৃত্যু হৈছে।

সেয়ে, দেশত ক’ভিডত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ মোদী চৰকাৰে ৪লাখ টকাকৈ দিয়া উচিত।

এই দাবী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

দেওবাৰে এটা টুইটত ৰাহুলে নিউয়ৰ্ক টাইমছ-ত প্ৰকাশিত প্ৰতিবেদন তুলি ধৰিছে য’ত কোৱা হৈছে যে বিশ্বজুৰি কোভিডত মৃত্যুৰ পৰিসংখ্যা বিশ্ব স্বাস্থ্য সংস্থাক প্ৰকাশ কৰাত ভাৰতে বাধা দিছে।

ৰাহুল গান্ধীয়ে হিন্দীতে টুইট কৰি লিখিছে,’’মোদীজীয়ে নিজে কেতিয়াও সঁচা কথা কোৱা নাই। আনকো ক’ব দিয়া নাই। তেওঁ এতিয়া মিছা কথা কৈয়েই আছে যে দেশত কাৰো অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাই।‘

প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কয়, ‘মই আগতেওঁ কৈছিলো যে- ক’ভিডৰ সময়ত চৰকাৰৰ অৱহেলাৰ বাবে পাঁচ লাখ নহয় ৪০ লাখ ভাৰতীয়ৰ মৃত্যু হৈছিল’।

নিউয়ৰ্ক টাইমছত প্ৰতিবেদন প্ৰকাশৰ পিছতে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে যোৱা ১৬ এপ্ৰিলত এটা বিবৃতি প্ৰকাশ কৰে।

তাত কোৱা হৈছে যে যি পদ্ধতিত ক’ভিডত মৃত্যুৰ পৰিসংখ্যা প্ৰস্তুত কৰা হৈছে তাকলৈ কেন্দ্ৰীয় চৰকাৰ চিন্তিত। দেওবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে দেশত এতিয়ালৈকে মুঠ ৫লাখ ২১হাজাৰ ৭৫১জন লোকৰ কোভিডত মৃত্যু হৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই এক সমীক্ষা কৰি কৈছিল যে, ক’ভিডৰ ফলত ভাৰতত ৪০ লাখ লোকৰ মৃত্যু হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *