দেওবাৰে নিশা মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী। গুৰুতৰভাৱে আহত এজন।
জানিব পৰা মতে, বাইকখনত আছিল দুজনকৈ লোক৷ ইয়াৰে এগৰাকী লোকক গুৰুতৰ অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মেডিকেল কলেজ হাস্পতাললৈ।
দুৰ্ঘটাগ্ৰস্ত বাইক খনৰ নম্বৰ As 01 FA 5810।
দুৰ্ঘটনাৰ পিছত কিছু সময় ধৰি পৰি ৰ’ল পথত৷
পথচাৰী আৰু সংবাদকৰ্মীৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহতলোক জনক।
পথচাৰীৰ অভিযোগ অনুসৰি ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় আৰক্ষী।
ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বাইখন দিছপুৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে।









