পুনৰ ঘােচ লৈ ভিজিলেন্সৰ জালত পৰিল আৰক্ষী, ASI গােপাল দলেক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। পুনৰ ঘােচ লৈ ভিজিলেন্সৰ জালত পৰিল আৰক্ষী।

এইবাৰ অভিযান চলিল ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষীৰ চকীত।

দৰঙা মেলা আৰক্ষী চকীত কৰ্মৰত সহকাৰী উপ-পৰিদৰ্শক গোপাল দলেক এজন ভুক্তিভােগীৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰা পেলাই দুৰ্নীতি নিবাৰকৰ অভিযানকাৰী দলে।

image 76
পুনৰ ঘােচ লৈ ভিজিলেন্সৰ জালত পৰিল আৰক্ষী, ASI গােপাল দলেক গ্ৰেপ্তাৰ 3

জানিব পৰা মতে, আৰক্ষী চকীখনৰ অন্তৰ্গত এলেকাত মালবাহী বাহনৰ চলাচলৰ সুবিধাৰ বিনিময়ত বাহনৰ গৰাকীৰ পৰা উৎকােচ দাবী কৰিছিল এএছআই গােপাল দলেই।

image 75
পুনৰ ঘােচ লৈ ভিজিলেন্সৰ জালত পৰিল আৰক্ষী, ASI গােপাল দলেক গ্ৰেপ্তাৰ 4

এই সন্দৰ্ভত অভিযােগ লাভ কৰাৰ পিছতে শনিবাৰে এই ঘােচখােৰ বিষয়াগৰাকীক জালত পেলায় ভিজিলেন্সৰ অভিযানকাৰী দলে।

সম্প্ৰতি আৰক্ষী চকীখনতে এএছআই গােপাল দলেক জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

এই অভিযানৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে।