নিউজ ডেস্কঃ অনলাইন কেব বুকিঙৰ সময়ত প্ৰয়োজন হোৱা OTPক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ পৰিণতিত প্ৰাণ হেৰুৱাবলগা এগৰাকী যাত্ৰীয়ে। অ’টিপিৰ পৰাই সূত্ৰপাত ঘটা কাজিয়াৰ পিছতে কেব চালকৰ ঘোচাত মৃত্যু ঘটে যাত্ৰীজনৰ।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে তামিলনাডুত। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যাত্ৰীজনৰ নাম উমেন্দ্ৰ। তেওঁ কয়ম্বাটুৰৰ এটা চফ্টৱেৰ কোম্পানীৰ কৰ্মচাৰী। জানিব পৰা মতে, দেওবাৰে পত্নী আৰু পুত্ৰক লগত লৈ চেন্নাইলৈ ছুটি উদযাপন কৰিবলৈ আহিছিল উমেন্দ্ৰই। তেওঁলোকে সপৰিয়ালে কয়ম্বাটুৰৰ এটা মলত চিনেমা উপভোগ কৰি উভতি অহাৰ সময়তে উমেন্দ্ৰৰ পত্নীয়ে মোবাইল এপযোগে এখন কেব বুক কৰে।
কিছুসময় পিছত কেবখন নিৰ্দিষ্ট ঠিকনাত উপস্থিত হয়। তেতিয়াই অনলাইন বুকিং নিশ্চিতকৰণৰ বাবে এককালীন পাছৱৰ্ড (অ’টিপি)ক লৈ চালক ৰবি আৰু যাত্ৰী উমেন্দ্ৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। লাহে লাহে এই বিভ্ৰান্তিয়ে বাকযুদ্ধৰো ৰূপ লয়।

নিজৰ খং দেখুৱাই কেব চালক ৰবিয়ে দম্পতীহালক গাড়ীৰ পৰা নামি শুদ্ধ অ’টিপি দিলেহে গাড়ীত উঠিবলৈ কয়। যাৰ ফলত উমেন্দ্ৰই গাড়ীৰ পৰা নামি আহোতে খঙত গাড়ীৰ দুৱাৰত ঢকিয়াই দিয়ে। এই অপৰাধতে কেব চালকে উমেন্দ্ৰৰ গালে মুখে উপৰ্য্যুপৰি ঘোচা মাৰিবলৈ আৰম্ভ কৰে।
কেব চালকৰ ঘোচাত মাটিত অচেতন হৈ পৰি যোৱা উমেন্দ্ৰক লগে লগে পত্নী আৰু আন একাংশ লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে উমেন্দ্ৰক। ইয়াৰ পিছতে আৰক্ষীয়ে কেব চালক ৰবিক গ্ৰেপ্তাৰ কৰে।









