চাৰে চাৰি বছৰ বয়সতে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়া ল’ৰাটোৱে কেতিয়াও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নাযায়ঃ ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মাতৃৰ

নিউজ ডেস্কঃ চৰকাৰী ষড়যন্ত্ৰৰ বলি হ’ল নেকি শিক্ষক ভিক্টৰ দাস? চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অনিময় সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ অপৰাধতে গ্ৰেপ্তাৰ কৰা হ’ল ভিক্টৰক। ইয়াৰ পিছতে সামাজিক মাধ্যমত উঠিছে প্ৰতিক্ৰিয়াৰ জোৱাৰ।

অভিযোগ অনুসৰি, নিযুক্তি কেলেংকাৰীক লৈ অভিযোগ উত্থাপন কৰাৰ বাবেই এচামৰ ষড়যন্ত্ৰৰ বলি হৈ ২০২০ চনত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ভিক্টৰৰ পিতৃ তথা ৰে’ল বিষয়া কুমুদ চন্দ্ৰ দাসে। কামাখ্যা জংচনৰ এটা প্লেটফৰ্মত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল কুমুদ চন্দ্ৰ দাসৰ।

photo1662806975
চাৰে চাৰি বছৰ বয়সতে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়া ল’ৰাটোৱে কেতিয়াও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নাযায়ঃ ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মাতৃৰ 3

একে সময়তে ৰে’ল বিভাগৰ আন ৪ গৰাকী বিষয়া-কৰ্মচাৰীয়েও ৰহস্যজনকভাৱে মৃত্যুক সাৱটিবলগীয়া হৈছিল। তাৰ পিছতে অভিযোগ উত্থাপন হৈছিল- ৰে’ল বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ না্মত চলি থকা কেলেংকাৰীক লৈ অভিযোগ উত্থাপন কৰাৰ বাবেই এনেদৰে পৰিকল্পিতভাৱে হত্যা কৰা হয় কুমুদ চন্দ্ৰ দাসসহ ৫ জন ৰে’ল বিষয়া-কৰ্মচাৰীক।

কিন্তু অদ্যপি তেওঁলোকৰ মৃত্যু ৰহস্য হৈয়েও ৰ’ল। আজিও ন্যায় লাভ কৰিবলৈ সক্ষম নহ’ল পিতৃহাৰা ভিক্টৰ দাস অথবা আন মৃত আন ৰে’ল বিষয়াসকলৰ পৰিয়ালে।

photo1662806973
চাৰে চাৰি বছৰ বয়সতে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়া ল’ৰাটোৱে কেতিয়াও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নাযায়ঃ ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মাতৃৰ 4

এতিয়া চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তোলাৰ বাবেই পিতৃৰ দৰেই ভিক্টৰ দাসৰ বিৰুদ্ধেও ষড়যন্ত্ৰ ৰচনা কৰা বুলি সন্দেহ কৰিছে অনেকেই। অৱশ্যেই এই সন্দেহ অমূলকো নহয়। কিয়নো বহুতৰ মতে, কেৱল অভিযোগ তুলিলেই যদি অপৰাধী সজাই গ্ৰেপ্তাৰ কৰা হয়, তেন্তে সাধাৰণ মানুহে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবই বা কেনেকৈ!

ভিক্টৰৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ মাতৃয়ে। ভিক্টৰ দাসৰ মাতৃয়ে কয়, ভিক্টৰৰ হাতত তথ্য প্ৰমাণ নাথাকিলে ইমান ডাঙৰ পদক্ষেপ এটা তেওঁ নল’লেহেঁতেন।

ভিক্টৰে চৰকাৰৰ বিৰুদ্ধে নহয়, বৰঞ্চ মধ্যভোগীৰ বিৰুদ্ধে মাত মাতিছিল বুলি মন্তব্য কৰে তেওঁৰ মাতৃয়ে। তেওঁ কয় যে চৰকাৰে নিকা আৰু স্বচ্ছভাৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে ঠিকেই কিন্তু একাংশ মধ্যভোগীয়ে ইয়াৰ মাজত টকাৰ পোহাৰ মেলিছে।

ভিক্টৰৰ বয়স যেতিয়া মাত্ৰ চাৰে চাৰি বছৰ আছিল, তেতিয়াই হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত বাহিৰ কৰা সমদলত অংশ লৈছিল বুলি মন্তব্য কৰে মাতৃয়ে। তেনে এটি শিশুৱে ডাঙৰ হৈ কোনোপধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নাযায় বুলি দৃঢ়তাৰে কয় মাতৃয়ে।

নিজৰ সন্তানক মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ভিক্টৰ দাসৰ মাতৃয়ে।