চাঞ্চল্যকৰ! ডেৰ লাখ টকাত বিক্ৰীৰ চেষ্টা ৬ বছৰীয়া কণমানিক, নাহৰলগুণত গ্ৰেপ্তাৰ ২ অপৰহৰণকাৰী

নিউজ ডেস্কঃ এটি ৬ বছৰীয়া কণমানি শিশুক অপহৰণ কৰি বিক্ৰীৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হ’ল দুই অপহৰণকাৰী। বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নাহৰলগুণত ২ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে বিক্ৰীৰ চেষ্টা চলোৱা কণমানি কন্যা শিশুটিক।

জানিব পৰা মতে, বিশ্বনাথ জিলাৰ ফলফলিৰ হাচিবুৰ ৰহমানৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল বেদেতীৰ এটা পৰিয়াল। ভাড়াতীয়া পৰিয়ালটোৰ কাষৰে আন এটা ভাড়াঘৰত বাস কৰা আবু তাহেৰ নামৰ লোকজনে আইচক্ৰীম খুওৱা আৰু ই-ৰিক্সাত ফুৰোৱাৰ চলেৰে অপহৰণ কৰিছিল পৰিয়ালটোৰ ৬ বছৰীয়া শিশুটিক।

ইয়াৰ পিছত অপহৰণকাৰী আবু তাহেৰে শিশুটিক ৰে’লযোগে নি বৰপুখুৰীৰ ললিত কেওট নামৰ আন এজন লোকৰ সৈতে মিলি অৰুণাচলৰ নাহৰলগুণৰ এজন ব্যক্তিক বিক্ৰীৰ চেষ্টা চলায়।

photo1662803025
চাঞ্চল্যকৰ! ডেৰ লাখ টকাত বিক্ৰীৰ চেষ্টা ৬ বছৰীয়া কণমানিক, নাহৰলগুণত গ্ৰেপ্তাৰ ২ অপৰহৰণকাৰী 2

আবু তাহেৰে শিশু নিজৰ সন্তান বুলি কৈ ডেৰ লাখ টকাত ব্যক্তিজনক বিক্ৰীৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপহৰণকাৰী দুজনক।

উল্লেখ্য যে, শিশুটি অপহৃত হোৱাৰ পিছতে পিতৃয়ে বিশ্বনাথ চাৰিআলি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন হাজোৱাৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই নাহৰলগুণৰ পৰা শিশুটিক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীয়ে ধৃত অপহৰণকাৰী আবু তাহেৰ আৰু ললিট কেওটক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।